NORTHEAST NOW (Assamese)

‘আমিয়েই চকীদাৰ’; ৰাজ্যিক বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনৰ দুটা থিম ছং

March 30, 2019 9:34 am · এন ই নাও নিউজ
Updated: March 30, 2019 11:15 am
বিজেপিৰ থিম ছং মুকলি কৰাৰ সময়ত

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শুকুৰবাৰে ৰাজ্যিক বিজেপিয়ে ‘আকৌ এবাৰ মোদী চৰকাৰ’ আৰু ‘আমিয়েই চকীদাৰ’ শীৰ্ষক দুটা নিৰ্বাচনী প্ৰচাৰ গীত মুকলি কৰে।

আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে সীমান্ত শেখৰ আৰু বাস্তৱে, প্ৰযোজনা আৰু পৰিকল্পনা পৱিত্ৰ মাৰ্ঘেৰিটাৰ। আনহাতে, আমিয়েই চকীদাৰ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু, কল্পনা পাটোৱাৰী আৰু ববিতা শৰ্মাই, প্ৰযোজনা জিতুল সোণোৱাল আৰু ববিতা শৰ্মাৰ। গীতটোৰ কথা আৰু সুৰ দিছে ক্ৰমে মৃণালকান্তি আৰু জিতুল সোণোৱালে।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সংবাদ মেল যোগে গীত দুটা ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। নিৰ্বাচনী প্ৰচাৰ গীত দুটাৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে যতীন বৰা, ভগৱৎ প্ৰীতম, জয়ন্ত ভাগৱতী, আইমী বৰুৱা চাজন নায়ক আদি অভিনেতা আৰু শিল্পীসকল।

শুভমুক্তি অনুষ্ঠানত বিজেপিৰ নেতা পবিত্ৰ মাৰ্ঘেৰিটাই অসমৰ ৰাইজে বিজেপিৰ প্ৰচাৰৰ বাবে মুকলি কৰি দিয়া গান দুটা আদৰি ল’ব বুলি মন্তব্য কৰে।

Related News