অসম বাজেট ২০২০-২১ Live Updates; হিমা দাসলৈ ৰাজ্য চৰকাৰৰ ডি এছ পি পদ

Hima Das story

হিমা দাস

অসম বিধানসভাৰ মজিয়াত আজি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণোৱাল চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট দাখিল কৰে।

বাজেটত বিত্ত মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ভালেমান গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

শৰ্মাই বিধানসভাত কৰা ঘোষণা অনুসৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা খেলুৱৈসকলক ৰাজ্য চৰকাৰৰ প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব।

আনহাতে, এই নীতিৰ প্ৰথমগৰাকী হিতাধিকাৰী হিচাপে হিমা দাসৰ নাম ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।

বিধানসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমা দাসলৈ উপ-আৰক্ষী অধীক্ষকৰ পদ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষৰ বাজেটত ৰাজ্যখনৰ ১,০০০ গৰাকী বিশিষ্ট ক্ৰীড়াবিদলৈ গাইপতি ৫০,০০০ টকাকৈ এককালীন অনুদান আগবঢ়োৱাৰ ঘোষণা ২০২০-২১ বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰা হ’ব বুলি লগতে কয়।

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ডিব্ৰুগড় জিলাৰ চাবুৱাত ৰাজ্যখনৰ ভিতৰত প্ৰথম পদক্ষেপ হিচাপে অনিৰুদ্ধদেৱ ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে।

এই বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শাৰীৰিক শিক্ষা, ক্ৰীড়া বিজ্ঞান, ক্ৰীড়া প্ৰযুক্তি, ক্ৰীড়া ঔষধ আৰু ক্ৰীড়া পৰিচালনা ইত্যাদি পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব।