• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ছাত্ৰ-ছাত্ৰীয়ে আৰ এছ এছৰ বিষয়ে জানিব নালাগে নেকি?

বুৰঞ্জীৰ “নতুন ট্ৰেণ্ড” সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মাৰ্ক্সবাদ, ন-মাৰ্ক্সবাদ বা আধুনিকতাৰ দৰে নতুন ট্ৰেণ্ডসমূহ বুৰঞ্জীৰ অংশত পৰিণত হৈছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2019 7:18 pm
Assam students need not know about RSS and it's role in nation building?

আৰ এছ এছ স্বয়ংসেৱকৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ স্বাধীনতাৰ দুই দশক পূৰ্বে স্থাপিত ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘ আৰু ইয়াৰ ঐতিহাসিক ভূমিকা সম্পৰ্কে অসমৰ পাঠ্যপুঠিত কোনো উল্লেখ নাই।

স্কুলীয়া পাঠ্যপুথি বাদ, কলেজ বা বিশ্ববিদ্যালয় পৰ্য্যায়ৰ বুৰঞ্জী পাঠ্যক্ৰমটো আৰ এছ এছ সম্পৰ্কীয় কোনো পাঠ নাই।

ইয়াৰ বিপৰীতে, ৰাষ্ট্ৰসন্ত তুকাড়জী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক দ্বিতীয় মহলাৰ বুৰঞ্জী পাঠ্যক্ৰমত সংঘৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হৈছে।

স্নাতক মহলাত শেহতীয়াকৈ এই পাঠ সন্নিৱিষ্ট কৰাৰ বিপৰীতে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত ২০০৩-০৪ বৰ্ষৰে পৰা এই সম্পৰ্কীয় পাঠ অন্তৰ্ভুক্ত হৈছে।

ৰাষ্ট্ৰ নিৰ্মাণত আৰ এছ এছৰ ভূমিকা সম্বন্ধে বিশ্ববিদ্যালয়খনৰ স্নাতক (বুৰঞ্জী) পাঠ্যসূচীৰ তৃতীয় অধ্যায়ত বিস্তাৰিতভাৱে লিপিবদ্ধ কৰা হৈছে।

প্ৰথম অধ্যায়ত কংগ্ৰেছ গঠন আৰু জৱাহৰলাল নেহৰুৰ উত্থান আৰু দ্বিতীয় অধ্যায়ত অসহযোগ আন্দোলনৰ পাঠ সন্নিৱিষ্ট কৰা হৈছে।

আৰ এছ এছৰ ভূমিকাক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাক লৈ একাংশই সমালোচনা কৰিছে।

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুখপাত্ৰ শচীন সাৱন্তে টুইট কৰিছে, “নাগপুৰ বিশ্ববিদ্যালয়ে আৰ এছ এছ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ৰেফাৰেন্স ক’ত পাব? ই হৈছে আটাইতকৈ বিভাজনকাৰী শক্তি যি ব্ৰিটিছৰ সৈতে সহযোগিতা কৰিছিল, স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰিছিল, অপবিত্ৰ বুলি ৫২ বছৰে ত্ৰিৰংগা উত্তোলন কৰা নাছিল, সংবিধানৰ পৰিৱৰ্তে মনুস্মৃতি বিচাৰিছিল, ঘৃণা বিয়পায়।”

কিন্তু বাতৰি মতে, পাঠ্যপুথি যুগুতকাৰী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ নিজৰ সিদ্ধান্তত ৱাকিবহাল।

বুৰঞ্জীৰ “নতুন ট্ৰেণ্ড” সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মাৰ্ক্সবাদ, ন-মাৰ্ক্সবাদ বা আধুনিকতাৰ দৰে নতুন ট্ৰেণ্ডসমূহ বুৰঞ্জীৰ অংশত পৰিণত হৈছে, পাঠ্যক্ৰম প্ৰস্তুতিৰ সৈতে জৰিত এক ঘনিষ্ঠ সূত্ৰৰ মত সম্পৰ্কে বাতৰিত প্ৰকাশ।

লোকমান্য বাল গংগাধৰ তিলকৰ চিন্তাধাৰাকো ভাৰতৰ জাতীয়তাবাদী চিন্তাৰ মাজত বিশ্ববিদ্যালয়খনে সামৰি লৈছে।

আৰ এছ এছ এক সোঁপন্থী, বিশাল স্বেচ্ছাসেৱী সংগঠনৰূপে জনাজাত। শতিকা গৰকিবলৈ আগবঢ়া সংগঠনটো বৰ্তমান ভাৰতৰ শাসক দল বিজেপিৰ অভিভাৱক-সদৃশ বুলি সঘনে উল্লেখিত হয়।

ভাৰতৰ আন প্ৰদেশৰ বিশ্ববিদ্যালয়ৰ এই উদ্যোগৰ সময়ত অসমৰ ছাত্ৰ-ছাত্ৰী ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘ আৰু ইয়াৰ ভূমিকাৰ বিষয়ে অজ্ঞ হৈ ৰ’ব নেকি?

অসমৰ ছাত্ৰ-ছাত্ৰীয়ে আৰ এছ এছৰ বিষয়ে জানিব নালাগে নেকি?

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

September 9, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd