কদৰ আছে, ‘ব্ৰেণ্ডিং’ নাই অসমৰ চাহৰ; বিক্ৰী নোহোৱাকৈ ৰৈ যায় বৃহৎ পৰিমাণৰ চাহ

AssamTea

গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ চাহ খেতিৰ লগত জড়িক সংস্থা সমূহৰ সৈতে উদ্যোগ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।

চাহে অতীজৰ পৰাই অসমৰ বাবে এটা বিশেষ পৰিচয় বহন কৰি আহিছে। চাহ প্ৰতিজন অসমীয়াৰ গৌৰৱৰো থল। ৰাজ্যখনৰ অৰ্থনীতিতো চাহৰ বিশেষ বৰঙনি আছে। কিন্তু তাৰ পাছতো দুখৰ কথাটো হ’ল- বিশ্ব দৰবাৰত অসমৰ চাহ বা আছাম টী বুলি কোনো ব্ৰেণ্ড নাই। এই কথা আজি জনালে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ চাহ খেতিৰ লগত জড়িক সংস্থা সমূহৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই কথা ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে জনায় যে অসমৰ চাহৰ ‘আসাম টী’ হিচাপে ব্ৰেণ্ডিং কৰা, অসমৰ চাহৰ মান উন্নত কৰা, জি আই টেগ দিয়া (Geographical Indication) ল’গ’ৰ ব্যৱস্থা কৰা আৰু অসমৰ চাহক বিশ্বত জনপ্ৰিয় কৰাৰ বাবে আঁচনি লোৱাৰ উদ্দেশ্যে এই বৈঠকতে এখন সমিতি গঠন কৰা হয়।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰক অধ্যক্ষ আৰু আশুতোষ অগ্নিহোত্ৰীক সদস্য সচিব হিচাপে লৈ গঠন কৰা এই সমিতিখনত চাহ উদ্যোগৰ লগত জড়িত প্ৰতিটো সংস্থাৰ প্ৰতিনিধি আছে বুলি মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

সংবাদমেলখনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “অসমৰ চাহৰ উৎপাদন বৃদ্ধি পাইছে, কিন্তু আন্তৰ্জাতিক বজাৰত অসমৰ চাহৰ চাহিদা বৃদ্ধি পোৱা নাই। ফলত উৎপাদিত চাহৰ প্ৰায় ৮০ মিলিয়ন কিল’গ্ৰাম অৱশিষ্ট হিচাপে ৰৈ গৈছে। যাৰ বাবে অসমৰ চাহৰ দাম বৃদ্ধি পোৱা নাই।”

তেওঁ লগতে কয় যে অসমত চাহৰ উৎপাদন ব্যয় বৃদ্ধি পাইছে। সেই অনুপাতে জনমূৰি উপভোগ বৃদ্ধি পোৱা নাই।

ইপিনে, এই সংবাদমেলতেই মন্ত্ৰী পাটোৱাৰীয়ে কয় যে অসমৰ চাহৰ উৎপাদন যথেষ্ট পৰিমাণে হৈ আছে যদিও সেয়া দক্ষিণ ভাৰতৰ তুলনাত কম।

“অসমত প্ৰতিজন শ্ৰমিকৰ বিপৰীতে চাহৰ উৎপাদন হয় আঢ়ৈ কেজি, আনহাতে দক্ষিণ ভাৰতত প্ৰতিজন শ্ৰমিকৰ বিপৰীতে চাহৰ উৎপাদন হয় ৬ কেজি”, মন্ত্ৰীজনে কয়।

অৱশ্যে এই হিচাপ অসম চাহ নিগমৰ অধীনত থকা বাগিচাসমূহৰ ওপৰতি ভিত্তি কৰিহে কোৱা বুলি তেওঁ জানিবলৈ দিয়ে। তেনেকৈ ক’লেও ইয়াৰ কাৰণ স্পষ্টকৈ জনোৱাৰ পৰা বিৰত থাকিল মন্ত্ৰী পাটোৱাৰী।

এই সংবাদমেলতে কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱত এখন ‘টি পাৰ্ক’ স্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসমৰ চাহৰ বাণিজ্যিক প্ৰচাৰ (promotion) আৰু জনপ্ৰিয়কৰণৰ উদ্দেশ্য এই পাৰ্ক স্থাপন কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

শনিবাৰৰ এই বৈঠকত Indian Tea Association, North East Tea Association, Tea Association of India, Assam Tea Planters Association, TATA, ভাৰতীয় চাহ পৰিষদকে ধৰি অসমৰ চাহ উদ্যোগৰ লগত জড়িত সকলো বৃহৎ প্ৰতিষ্ঠানে অংশ লোৱা বুলি সংবাদমেলত মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে।