১৪ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপলৈ অসমৰ উভয় দল ঘোষণা

-basketball-

প্ৰতিনিধিত্বমূলক ছবি

অহা ১২ নবেম্বৰৰ পৰা ১৮ নবেম্বৰলৈ হিমাচল প্ৰদেশৰ কাংৰাত অনুষ্ঠিত হ’বলগীয়া ১৪ বছৰৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ বাস্কেটবল চেম্পিয়নশ্বিপৰ বাবে অসমৰ ল’ৰা আৰু ছোৱালীৰ উভয় দলৰ নাম ঘোষণা কৰা হৈছে।

অসম বাস্কেটবল সন্থাৰ সম্পাদক মুকুট মেধিয়ে জানিবলৈ দিয়া অনুসৰি অসমৰ ল’ৰাৰ দলটোৰ খেলুৱৈসকল হৈছে- স্পন্দন শইকীয়া, প্ৰাকৃতিশ ৰামচিয়াৰী, কৃতাৰ্থ শৰ্মা, অনিকেট গৌতম, ভাস্কৰ দাস, ৰৌনক চেতাৰ্জী, ৰণক দাস, সুভম দাসগুপ্ত, বিভুৰঞ্জন কলিতা, সিদ্ধাৰ্থ পুৰকায়স্থ, প্ৰাচুৰ্য ডেকা আৰু প্ৰথম শইকীয়া। দলটোৰ নেতৃত্ব দিব প্ৰশিক্ষক এল পুইয়াই।

আনহাতে, দেবকুমাৰ বৰুৱা প্ৰশিক্ষক হিচাপে যাবলগীয়া অসমৰ ছোৱালীৰ দলটো খেলুৱৈসলক হৈছে- ঐশানী শইকীয়া (অধিনায়িকা), দিশা ৰাভা, পলাক্ষী ঠাকুৰ, নুছৰত নাফিছা আহমেদ, বাৰ্বী দাস, গাৰ্গী বড়ো, মৈত্ৰেয়ী শৰ্মা, ছাইমা বেগম, উপাসনা গোড়াই, বিদিশা শৰ্মা, সান্ত্বনা দাস আৰু ধৃদিতা বৰুৱা।