• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পুনৰ আন্দোলনত নামিব প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 12, 2019 3:23 pm
Press Meet

সংবাদ মেল

1.6k
VIEWS
Share on FacebookShare on Twitter

‘‘বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পুনৰবাৰ আন্দোলনত নামিব প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ,’’ এই মন্তব্য প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদৰ।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন  কৰি এনেদৰে মন্তব্য কৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

অহা ১৯ নৱেম্বৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সামাজে প্ৰতিখন জিলাৰ ‘জিলা মিশ্যন সমন্বয়ক’ৰ কাৰ্য্যালয়ত তলা বন্ধ কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলিও সংবাদ মেলত মিৰাজুলে উল্লেখ কৰে।

আনহাতে, তলাবন্ধ কাৰ্য্যসূচীৰ পাছতো যদি শিক্ষা বিভাগৰ গা নলৰে তেন্তে নৱেম্বৰ মাহতে তেওঁলোকে পুনৰ তিনিদিনীয়া “কৰ্ম বিৰতি” গ্ৰহণ কৰিব বুলি জনায়।

ৰাজ্য চৰকাৰে চাকৰি নিয়মীয়াকৰণ নকৰিলে গুৱাহাটীত ৪৮ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে।

উল্লেখযোগ্য যে, বিগত ২৪ অক্টোবৰত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দ্বাৰা শিক্ষা মন্ত্ৰী আৰু শিক্ষা বিভাগৰ উচ্চ পদস্ত বিষয়াৰ সৈতে পুনৰ আলোচনাত বহাৰ বাবে আবেদন জনাইছিল যদিও সেই আবেদনৰ প্ৰতি কোনোধৰণৰ সঁহাৰি নোপোৱাত তেওঁলোকে আন্দোলন কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হোৱা বুলি ৰচিদে সদৰী কৰে।

“শিক্ষক সমাজৰ সমৰ্থন অবিহনে কোনো ব্যক্তি বা দলৰ সৈতে আলোচনা কৰি ঠিকাভিত্তিক টেট শিক্ষক সকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিলে তাৰ বাবে শিক্ষা মন্ত্ৰী জগৰীয়া হ’ব আৰু এই সিদ্ধান্ত শিক্ষক সমাজে কেতিয়াও গ্ৰহণ নকৰে,” ৰচিদে কয়।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd