NORTHEAST NOW (Assamese)

বৰপেটাত শ্ৰেণীকোঠা এৰি ৰাজপথত টে’ট শিক্ষক; মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

March 7, 2019 5:14 pm · পুলেন্দ্ৰ দাস

সদৌ অসম টে’ট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সন্থাই আহ্বান জনোৱা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে বৰপেটাটো সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ বৰপেটা জিলা সমিতিৰ আহ্বায়ক মণ্ডলীৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী সকলে যথেষ্ট ক্ষোভেৰে কয় যে বিগত বিধান সভাৰ নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত ঠিকাভিত্তিত টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি প্ৰথম কেবিনেটতে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰখনৰ প্ৰায় তিনি বছৰীয়া কাৰ্যকালত এজনো ঠিকাভিত্তিত টেট উত্তীৰ্ণ শিক্ষকক নিযমীয়াকৰণ নকৰিলে।

চৰকাৰৰ এনে ভূমিকাৰ বাবে বৃত্তিগত অৰ্হতা আৰু অভিজ্ঞতা থকাৰ পিছতো ৰাজ্যৰ কেইবা সহস্ৰাধিক ঠিকাভিত্তিত টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীৰ পদসমূহ আজিলৈ নিয়মীয়া নহ’ল বুলিও মন্তব্য কৰে। এই শিক্ষকসকলে জীৱনৰ নিৰাপত্তা হেৰুৱাই পেলোৱা বুলি উল্লেখ কৰি কৰ্মৰত অৱস্থাত মৃত্যুৰ মুখত পৰিলেও পৰিয়ালে কোনো সাহাৰ্য লাভ নকৰে বুলিও বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী সকলে কয়।

বিগত সাত বছৰ ধৰি ঠিকাভিত্তিত পাঠদান কৰি অহা শিক্ষক-কৰ্মচাৰীৰ ন্যায্য দাবীসমূহ অতিশীঘ্ৰে পূৰণ কৰাৰ দাবী উত্থাপন কৰে। বিক্ষোভ কাৰ্যসূচীৰ অন্তত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিযতে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Related News