• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনকালীন অনলাইন পাঠদানৰ সমস্যা; শিক্ষা আয়ুক্তকলৈ শিক্ষক সমাজৰ স্মাৰকপত্ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 18, 2020 8:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ শিক্ষা বিভাগে যোৱা কিছুদিন পূৰ্বে প্ৰকাশ কৰি উলিওৱা এক নিৰ্দেশনাত কোৱা হৈছে যে, অভিভাৱকৰ ফোন নম্বৰ সংগ্ৰহ কৰি অনলাইন পাঠ দান কৰিব লাগে।

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এই ব্যৱস্থাৰ শলাগ ল’লেও এই ক্ষেত্ৰত পোহৰলৈ অহা কিছু সমস্যাৰ বিষয়ে শিক্ষা আয়ুক্তক অৱগত কৰিবলৈ আজি এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদক মিৰাজুল ৰচিদৰ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰত উল্লেখ কৰা সমস্যাকেইটা তলত উল্লেখ কৰা হ’ল :

১। সমাজৰ সকলো শ্ৰেণীৰ অভিভাৱক / ছাত্ৰ-ছাত্ৰীৰ ওচৰত এনড্ৰইড মোবাইল / সাধাৰণ মোবাইল নাই।

২। ঠাই ভেদে নেটৱৰ্ক , বিজুলী সংযোগ উপলব্ধ নহয়।

৩। আনহাতে যি ১০-২০% ৰ ওচৰত এনে সাধন আছে তাৰে অধিকাংশ অভিভাৱকে পাঠভিত্তিক ছাত্ৰ-ছাত্ৰীৰ উৎকণ্ঠা /আসোঁৱাহ বুজাই দি শুদ্ধ শিক্ষা দিয়াত সক্ষম আৰু সফল নোহোৱাটো স্বাভাৱিক।

৪। আমাৰ মতে এইয়া সম্ভৱ হব যদিহে শিক্ষা বিভাগে অনাতাঁৰ, টিভি আদিৰ জৰিয়তে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব পাৰে।

৫। আনহাতে ৰাজ্যৰ খাতি-খোৱা শ্ৰমিক, দিন হাজিৰা কৰা, ঘৰুৱা বনকৰা মাতৃ অভিভাৱকৰ সংখ্যাই সংখ্যাই সৰ্বাধিক।

এনে ব্যৱস্থাৰে সকলোৰে বাবে শিক্ষা দান ১০০% সম্ভৱ নহয়, কেৱল সমাজৰ একাংশ অধ্যবন্ত / নিম্ন-মধ্যবিত্ত চাকৰিয়ালৰ সন্তান লাভৱান হোৱাৰ বিপৰীতে বি.পি.এল. শ্ৰেণীৰ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰী লাভৱান নহয় বুলি শিক্ষক সমাজে কয়।

স্মাৰকপত্ৰত তেওঁলোকে কয় ‘কিছু খণ্ড শিক্ষা বিষয়াৰ দ্বাৰা হোৱাটচএপ গোট যোগে অন্য এক নিৰ্দেশনা আমাৰ দৃষ্টিগোচৰ হৈছে। এই অনানুষ্ঠানিক নিৰ্দেশনাৰ দ্বাৰা শিক্ষক সকলৰ ডায়েৰীৰ প্ৰতিলিপি প্ৰতিদিনে পূৰ কৰি দৰমহা বিলৰ সৈতে জমা দিলেহে এপ্ৰিল মাহৰ দৰমহা দিয়া হ’ব অন্যথা দৰমহাৰ বিল বন্ধ কৰা হব বুলি একপ্ৰকাৰ ভাৱুকি প্ৰদান কৰা হৈছে। মহোদয়, এনে অদ্ভূত যুক্তিৰে বিপদকালত শিক্ষক সকলক মানসিকভাৱে হাৰাশাস্তি কৰা নহব নে? ‘

‘এনে বিপদৰ সময়চোৱাত শিক্ষক সকলৰ দৰমহাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা অহাটো আমাৰ কাম্য নহয়। এই ক্ষেত্ৰত দেশৰ প্ৰধান মন্ত্ৰীয়ে নিজেও কৈছে যে, লকডাউনৰ সময়চোৱাত কাকো প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰা নহওঁক ।‘ স্মাৰক পত্ৰত উল্লেখ।

ইয়াৰোপৰি, কাছাৰ জিলাৰ জিলা মিছন সমন্বয়কৰ হোৱাটচএপ যোগে দিয়া এক নিৰ্দেশনাও আমাৰ দৃষ্টিগোচৰ হৈছে। এই নিৰ্দেশনাৰ দ্বাৰা শিক্ষক সকলক  Confession Letter এখন জমা কৰিবলৈ দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁলোকে আৰু লিখে ‘এই পত্ৰত অনুমতি অবিহনে  শিক্ষক সকলে নিজৰ কৰ্মস্থান ত্যাগ কৰাৰ বিষয়ে উল্লেখ কৰিব দিয়া হৈছে। মহাশয়, শিক্ষক সকল কৰ্মস্থানত থাকিবলৈ কোনো চৰকাৰী বাসগৃহৰ ব্যৱস্থা বৰ্তমানলৈ নাই। বহু শিক্ষকে নিজ গৃহৰ পৰা ৰাজহুৱা বাহনত অহা-যোৱা কৰে অথৱা ভাড়াঘৰত থাকি শিক্ষকতা কৰে।  লকডাউনৰ সময়ত বিদ্যালয় সমূহ সম্পূৰ্ণ বন্ধ হোৱাত সকলোৱে নিজ নিজ গৃহত উপস্থিত হৈছে। এনেক্ষেত্ৰত দোষীৰ দৰে শিক্ষক সকলক এনে কনফেচন পত্ৰত চহী কৰিব দিয়াটো গ্ৰহণ যোগ্য নহয়।‘

গতিকে, এনেদৰে বিভিন্ন সময়ত দি থকা মৌখিক তথা হোৱাটচএপ গোটৰ নিৰ্দেশনা সমূহ বাতিল কৰিবলৈ তেওঁলোকে শিক্ষাবিভাগৰ আয়ুক্ত সচিবক অনুৰোধ জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd