NORTHEAST NOW (Assamese)

উত্তৰ লখিমপুৰৰ দুটা নতুন অঞ্চলক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ

July 28, 2020 8:31 am · ফাৰহানা আহমেদ
প্ৰতিনিধিত্বমূলক চিত্ৰ

সোমবাৰে উত্তৰ লখিমপুৰৰ দুটা অঞ্চলক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে লখিমপুৰ জিলা প্ৰসাশনে।

প্ৰসাশনে প্ৰথম অৱস্থাত কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চলটো হ’ল মিলন নগৰ অঞ্চলৰ ৱাৰ্ড নং ১০।

সোমবাৰে উক্ত অঞ্চলটোৰ ১৭ গৰাকী লোক ক’ভিড-১৯ পজিটিভ হোৱাত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে জিলাখনৰ লীলাবাৰীস্থিত ১৩ নং অসম আৰক্ষী বেটেলিয়ানৰ মুখ্য কাৰ্যালয়টোও সোমবাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

অসম আৰক্ষীৰ বেটেলিয়ানৰ হেড কোৱাৰ্টৰটো ১৭ গৰাকী কৰ্মীৰ দেত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে।

অহা ১৪ দিনলৈ এই অঞ্চল সমূহত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে আৰু ওলাই অহাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

উল্লেখ্য যে সোমবাৰলৈকে লখিমপুৰ জিলাত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৫০০ অতিক্ৰম কৰা বুলি জিলা প্ৰশাসনে জনায়।

Related News