• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত ঈদগাহ সমিতি সমূহৰ বিষয়-ববীয়াৰ সৈতে বৈঠক

by
July 28, 2020 8:07 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড-১৯ বা কৰ’ণা  ভাইৰাছ ৰোগৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনত ইয়াৰ গণ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত আগন্তুক ঈদ-উজ-জোহা উদযাপনৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে কেতবোৰ সতৰ্কতামূলক নীতি-নিৰ্দেশনা জাৰি কৰে।

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ অধ্যক্ষতাত জিলাখনৰ ঈদগাহ সমিতি সমূহৰ বিষয়-ববীয়া সকলৰ লগত সোমবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Apply Now

সভাৰ আৰম্ভণিতে জিলা উপায়ুক্তই সমুহ ইছলামধৰ্মী ৰাইজৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী শিৱসাগৰবাসীলৈ শান্তি আৰু সমন্বয়ৰ উৎসৱ ঈদ-উজ-জোহাৰ ওলগ আৰু শুভেচ্ছা জনোৱাৰ লগতে অনাড়ম্বৰপূৰ্ণভাৱে পবিত্ৰ ঈদ উদযাপন কৰিবলৈ সমূহ ইছলামধৰ্মী ৰাইজক আহ্বান জনায়।

আগন্তুক ঈদ-উজ-জোহা  উদযাপনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত ঈদগাহত বা জামাত বা মছজিদত সামুহিক নামাজ পঢ়াৰ বিপৰীতে সকলোৱে নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি হেঁপাহৰ পবিত্ৰ উৎসৱটি পালন কৰিবলৈও তেওঁ আহ্বান জনায়।

মছজিদত তিনিজনতকৈ বেছি লোকে নামাজ পঢ়িব নোৱাৰিব বুলিও উপায়ুক্ত গৰাকীয়ে জানিব দিয়ে।

দেশত যিহেতু মাৰাত্মক ক’ৰ’না ভাইৰাছ অথবা ক’ভিড-১৯ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে, সেয়ে গণ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সমূহ ৰাইজক উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

নিজ বক্তব্যত তেওঁ ক’ভিড-১৯ সন্দৰ্ভত জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও আলোকপাত কৰে।

তেওঁ উপস্থিত সকলোকে নিজ নিজ অঞ্চলৰ ৰাইজক স্ব-ইচ্ছাই জিলাখনত স্থাপন কৰা স্বাৱ পৰীক্ষা কেন্দ্ৰ সমূহত গৈ স্বাৱ পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিবলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায়।

এনে পদক্ষেপৰ দ্বাৰা ক’ভিড-১৯ ৰ গণ সংক্ৰমণ ৰোধ কৰা সম্ভৱপৰ হ’ব বুলিও তেওঁ মন্তব্য কৰে।

ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈ যদি কোনো মুছলমান ব্যক্তিৰ মৃত্যু হয়, তেনে ক্ষেত্ৰত কিছু সংখ্যক ৰাইজে তেনে ব্যক্তিক তেওঁৰ নিজৰ জামাতৰ অধীনত থকা কবৰস্থানতে জানাজা সম্পন্ন কৰোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত উপায়ুক্ত গৰাকীয়ে উপস্থিত ঈদগাহ সমিতি সমূহৰ বিষয়-ববীয়াৰ মতামত বিচাৰে।

সভাত উপস্থিত ঈদগাহ সমিতি সমূহৰ বিষয়-ববীয়া সকলে এই ক্ষেত্ৰত তেওঁলোকে সহমত ব্যক্ত কৰে। উপায়ুক্ত গৰাকীয়ে জানাজাত জড়িত ব্যক্তি সকলক প্ৰশাসনৰ তৰফৰ পৰা পি পি ই কিট প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীয়ে অসম চৰকাৰ আৰু জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা সমূহ মানি তথা সামাজিক দূৰত্ব বজাই ৰাখি সকলোকে আগন্তুক ঈদ-উজ-জোহা উদযাপন কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে ক’ভিড-১৯ ৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ওচৰ চুবুৰীয়া সকলে একত্ৰিত হৈ ঈদৰ নামাজ নপঢ়িবলৈও আহ্বান জনায়।

সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাও উপস্থিত থাকে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd