ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰে জড়িত বহিঃৰাজ্যৰ ব্যক্তিৰে ভৰিছে অসমৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যৰ পদ

অসমৰ বিশ্ববিদ্যালয় সমূহত উপাচাৰ্য নিযুক্তি দিয়া সন্দৰ্ভত উত্থাপন হৈছে ভয়ানক অভিযোগ। যোগ্য আৰু অসমৰ প্ৰাৰ্থীক বঞ্চিত কৰি বাহিৰৰ প্ৰাৰ্থীক অসমৰ বিশ্ববিদ্যালয় সমূহৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াক লৈ জাঙুৰ খাই উঠিছে অসমৰ শৈক্ষিক তথা সচেতন মহল।

অসমৰ ১৯খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত ৬ খন বিশ্ববিদ্যালয়তেই উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে বহিঃৰাজ্যৰ ব্যক্তিক। আনকি এইসকল উপাচাৰ্যৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ তথা বিজেপিৰ হিন্দুত্ববাদী সংগঠনৰ লগত সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন হৈছে।

এই তালিকাত আছে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, আৰু বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়।

জানিব পৰা মতে, এইকেইখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, ওড়িশা, আৰু অন্ধ্ৰপ্ৰদেশৰ।

আনহাতে অসমত থকা দুখন কেন্দ্রীয় বিশ্ববিদ্যালয় ক্ৰমে অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলো বহিঃৰাজ্যৰ।

জানিব পৰা মতে, অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজীৱ মোহন পন্ত উত্তৰ প্ৰদেশৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভু নাথ সিং বিহাৰৰ বাসিন্দা।

অভিযোগ অনুসৰি এইসকল ব্যক্তিক অসমৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ বাবে যোগ্য অসমীয়া শিক্ষাবিদসকল বঞ্চিত হৈ আহিছে।

ইপিনে সম্প্ৰতি চলি আছে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য বাছনি প্ৰক্ৰিয়া। ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য তথা অসমৰ ৰাজ্যপালগৰাকীয়ে আৰ এছ এছৰ মতাদৰ্শৰ প্ৰতি পক্ষপাতিত্ব কৰি উপাচাৰ্য নিৰ্বাচন সমিতি গঠন কৰাৰ অভিযোগো উত্থাপন হৈছে।

সূত্ৰ অনুসৰি এই কমিটীসমূহত আৰ এছ এছৰ সৈতে জড়িত তথা বহিঃৰাজ্যৰ অধ্যক্ষ আৰু সদস্য থকা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

নাম প্ৰকাশ নকৰাকৈয়ে এখন বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে নৰ্থ-ইষ্ট নাওৰ আগত কয় যে, ‘এয়া আমাৰ ৰাজ্যৰ প্ৰতিভাৱান পণ্ডিতসকলৰ প্ৰতি এক স্পষ্ট অৱজ্ঞা। এই বিশ্ববিদ্যালয়সমূহৰ নেতৃত্ব দিব পৰা যোগ্য অসমীয়া শিক্ষাবিদৰ অভাৱ নাই।’

উল্লেখ্য যে এয়া অসমৰ বিশ্ববিদ্যালয়সমূহক গেৰুৱাকৰণ কৰাৰ ষড়যন্ত্ৰ বুলি বহু লোকে অভিযোগ উত্থাপন কৰিছে।

এজন শিক্ষাবিদে নৰ্থইষ্ট নাওক কয়, ‘চৰকাৰে উপাচাৰ্য নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু ন্যায়পৰায়ণতা নিশ্চিত কৰিব লাগে। এই বিশ্ববিদ্যালয়সমূহে অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰ্দিষ্ট প্ৰয়োজন আৰু আকাংক্ষা বুজি পোৱা ব্যক্তিকহে উপাচাৰ্য হিচাপে নিযুক্তি দিয়া উচিত।”

ইফালে অসমৰ আন ৬ খন বিশ্ববিদ্যালয় ক্ৰমে নগাঁও বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, জে বি বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয়ে নতুন উপাচাৰ্য নিযুক্তিৰ বাবে অপেক্ষা কৰি আছে। এই নিযুক্তিসমূহেও একে ধাৰাই অক্ষুণ্ণ ৰাখি হিন্দুত্ববাদী আৰু বহিঃৰাজ্যৰ ব্যক্তিক নিযুক্তি দিব নেকি তাকে লৈ এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰিছে শৈক্ষিক মহলে।