NORTHEAST NOW (Assamese)

পেয়িং গেষ্টৰ কোঠাত উদ্ধাৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ : হত্যাৰ সন্দেহ পৰিয়ালৰ

May 17, 2024 9:08 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 18, 2024 8:02 am

শিলচৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শুকুৰবাৰে শিলচৰৰ এটা পেয়িং গেষ্টৰ কোঠাত উদ্ধাৰ হয় অসম বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ মৃতদেহ।

শিলচৰৰ পঞ্চায়ত পথৰ ‘আছিয়ানা’ নামৰ পেয়িং গেষ্টতএই ঘটনা সংঘটিত হয়। উক্ত পেয়িং গেষ্টতে থাকি অধ্যয়ন কৰিছিল ছাত্ৰগৰাকীয়ে।

জানিব পৰা মতে, নিহত ছাত্ৰজনৰ নাম জাহিদ আব্বাছ তাপাদাৰ। জাহিদৰ ঘৰ কৰিমগঞ্জ জিলাৰ চৰগোলা অঞ্চলত।

সূত্ৰৰ পৰা জানিব পৰা মতে, আজি পেয়িং গেষ্টৰ নিজৰ কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় জাহিদক। ঘটনাৰ পিছতে হোষ্টেল চৌহদত অস্থিৰতাৰ সৃষ্টি হয়, আৰু পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষী উপস্থিত হোৱাৰ লগে লগে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ছাত্ৰজনৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইফালে এয়া আত্মহত্যা নহয়, হত্যাহে বুলি দাবী কৰিছে ছাত্ৰজনৰ পৰিয়ালৰ লোকে।

Related News