ৰঞ্জি ট্ৰফী ২০২০ : হাৰিয়ানাৰ বিৰুদ্ধে মাত্ৰ ৯৭ ৰানতে প্ৰথম ইনিংছ সামৰিলে অসমে, ব্যৰ্থ ৰিয়ান পৰাগ

Assam Team

অসম দলটো

ৰঞ্জি ট্ৰফীৰ বিগত দুখন খেলত ক্ৰমে মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হোৱা অসমে আজি ৰোহটকত এলিট গ্ৰুপ চিৰ এখন খেলত হাৰিয়ানাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

গকুল শৰ্মা নেতৃত্বাধীন অসম ৰঞ্জি দলটোৱে চলিত ৰঞ্জি ট্ৰফীত এই পৰ্যন্ত ৭ খন খেলৰ পৰা মাত্ৰ ১৪ পইণ্ট সংগ্ৰহ কৰিছে।

আনহাতে, হাৰিয়ানাই এতিয়ালৈ খেলা ৭ খন খেলৰ পৰা ২৪ পইণ্ট সংগ্ৰহ কৰি অসমতকৈ বহু আগবাঢ়ি আছে।

অসমৰ দলটোৰ বাবে চিন্তাৰ মূল কাৰণ হৈছে খেলুৱৈসকলৰ বেটিং প্ৰদৰ্শন।

বলিঙত ৰঞ্জি মালী, অৰূপ দাস আৰু অলৰাউণ্ডাৰ ৰিয়ান পৰাগে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে।

বাতৰি যুগত কৰালৈ অসমে প্ৰথমে বেটিং কৰি পুনৰ শোচনীয় প্ৰদৰ্শন দাঙি ধৰি মাত্ৰ ৯৭ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰে।

অসমৰ হৈ সৰ্বাধিক ৩৫ ৰান কৰে ৰাজাকুদ্দিন আহমেদে। অধিনায়ক গকুল শৰ্মা(১৫), ৰিয়ান পৰাগ(০), চাহিল জৈন(০)কে ধৰি বাকীসকল বেটছমেন শোচনীয়ভাৱে ব্যৰ্থ হয়।

হাৰিয়ানাৰ হৈ টিংকু কুন্দুই ৫ টা আৰু হৰ্ষ পেটেলে ৪ টা উইকেট দখল কৰে।

আনহাতে, হাৰিয়ানাই নিজৰ প্ৰথম ইনিংছত ৫ টা উইকেট হেৰুৱাই ৭২ ৰান সংগ্ৰহ কৰিছে।