২০১৯-২০ বৰ্ষৰ ৰঞ্জী ট্ৰফীত চমকপ্ৰদ আৰম্ভণি অসমৰ; ১২৪ ৰাণতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হ’ল ছাৰ্ভিছেচ

assam-ranji

অসম ৰঞ্জী দল

ৰঞ্জী ট্ৰফীৰ চলিত ছিজনত চমকপ্ৰদ আৰম্ভণি ঘটাইছে শিৱশংকৰ ৰয় নেতৃত্বাধীন অসম ক্ৰিকেট দলে।

আজিৰে পৰা আৰম্ভ হোৱা ২০১৯-২০ বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ প্ৰথমখন খেলত অসমে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ছাৰ্ভিছেচৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

টছত জয়ী হৈ অসমে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু অসমৰ ক্ষুৰধাৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিৱ নোৱাৰি আলহী দলটোৱে মাত্ৰ ১২৪ ৰাণতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয়।

অসমৰ হৈ বলিঙত অৰুপ দাসে ৪ টা, মুখতাৰ হুছেইনে ৩ টা আৰু ৰঞ্জিৎ মালীয়ে ২ টা উইকেট দখল কৰে।

ছাৰ্ভিছেচৰ হৈ বিকাশ হাথৱালাই সৰ্বাধিক ৩৪ ৰাণ সংগ্ৰহ কৰে।

আনহাতে, ছাৰ্ভিছেচৰ প্ৰথম ইনিংছৰ প্ৰত্যুত্তৰত অসমে প্ৰথম দিনৰ অন্তত তিনিটা উইকেট হেৰুৱাই ৮১ ৰাণ সংগ্ৰহ কৰিছে।

দিনান্তত গকুল শৰ্মাই ৩২ ৰাণ আৰু ৰিয়ান পৰাগে ১৩ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।

অসমে চলিত ৰঞ্জী ট্ৰফীত এলিট গ্ৰুপ-চিত স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত অসমে ছাৰ্ভিছেচৰ বিৰুদ্ধে গ্ৰুপৰ খেলত শোচনীয়ভাৱে পৰাস্ত হৈছিল।