ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ বাবে তিনি বছৰীয়া আইনী যুঁজৰ অন্তত অৱশেষত ন্যায় পালে বঙাইগাঁও জিলাৰ ৭৩ বছৰীয়া সেজেবালা ঘোষে। সেজেবালা ঘোষ, এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কন্যা। ২০২০ চনত তেওঁক বিদেশী ন্যায়াধিকৰণে (FT) বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰিছিল। এতিয়া তেওঁৰ পৰিয়ালৰ নথি-পত্ৰৰ সম্যক পৰীক্ষাৰ অন্তত একেখন ন্যায়াধিকৰণে তেওঁক ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰিছে।
২০২০ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল সেজেবালা ঘোষৰ কঠিন যুঁজ। তেওঁৰ নাগৰিকত্ব সন্দৰ্ভত উঠা প্ৰশ্নৰ উত্তৰ দিবলৈ আদালতত হাজিৰ হ’বলৈ কোৱা জাননী লাভ কৰে। স্তম্ভিত আৰু অপমানিত হৈ তেওঁ চিটিজেনছ ফৰ জাষ্টিচ এণ্ড পিছ (চিজেপি) নামৰ এন জি অ’ৰ পৰা আইনী সহায় বিচাৰিছিল।
সেই এন জি অ’ৰ হৈ শ্ৰীমতী ঘোষৰ গোচৰত যুঁজ দিবলৈ অধিবক্তা দেৱান আব্দুৰ ৰহিমক নিযুক্তি দিয়া হৈছিল। অধিবক্তা ৰহিমে ১৩ খন বৈধ নথি দাখিল কৰিছিল যিয়ে ১৯৫১ চনৰ আগতে অসমত ঘোষৰ পৰিয়ালৰ উপস্থিতি স্পষ্টকৈ প্ৰমাণ কৰিছিল।
লগতে পঢ়কঃ এতিয়া কি হ’ব? ভাঙি গ’ল ধ্বংসাৱশেষ আঁতৰোৱা মেচিন; বন্ধ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ কাৰ্য
এই নথিসমূহৰ ভিতৰত আছিল সেজেবালা ঘোষৰ পিতৃৰ শৰণাৰ্থী পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, পাছপ’ৰ্ট, ১৯৫১ চনৰ এন আৰ চি আৰু ১৯৫৮ চনৰ ভোটাৰ তালিকা। ১৯৬২ চনৰ ডোনেশ্যন স্লিপত আৰু ১৯৬৬ চনৰ মঙলদৈৰ ভোটাৰ তালিকাতো সেজেবালা ঘোষৰ মাতৃৰ নাম লিপিবদ্ধ হৈছিল। ইয়াৰ উপৰিও ১৯৮৯, ১৯৯৭, ২০০৫, ২০১১ আৰু ২০২০ চনত বঙাইগাঁৱৰ ভোটাৰ তালিকাত সেজেবালা ঘোষৰ নিজৰ নাম আছে।
প্ৰমাণ পোৱাৰ পিছতো প্ৰক্ৰিয়াগত বিলম্বৰ বাবে গোচৰটো তিনি বছৰ ধৰি চলিল। অৱশেষত ২০২৩ চনৰ ৪ নৱেম্বৰত বিদেশী ন্যায়াধিকৰণে সেজেবালা ঘোষক ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰে। এফ টিয়ে দাখিল কৰা নথি-পত্ৰৰ বৈধতা মানি লৈ ঘোষ পৰিয়ালৰ অসমত দীৰ্ঘদিনীয়া বসবাসক স্বীকৃতি দিয়ে।
ৰায়দানৰ পিছত সেজেবালা ঘোষে কয় যে তেওঁ সকাহ পাইছে আৰু লাভ কৰা ন্যায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁ যি অপমান সহ্য কৰিছিল তাৰ সেই ক্ষোভ আৰু আঘাত ব্যক্ত কৰে।
লগতে পঢ়কঃমৰ্মান্তিক! বিশ্ববিদ্যালয়ৰ সংগীত অনুষ্ঠানত পদপিষ্ট হৈ ৪ জন ছাত্ৰৰ মৃত্যু, আহত প্ৰায় ৬০ জন
তেওঁ কয় যে ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁৰ পিতৃৰ ত্যাগক কেতিয়াও প্ৰশ্ন উত্থাপন কৰা উচিত নহয়। ‘মোৰ দেউতা আছিল এজন স্বাধীনতা সংগ্ৰামী। চন্দ্ৰশেখৰ আজাদৰ ঘনিষ্ঠ সহযোগী আছিল আৰু এই দেশৰ স্বাধীনতাৰ বাবে বহু ত্যাগ কৰিছিল। কিন্তু স্বাধীনতাৰ সাত দশকৰ পাছত তেওঁৰ কন্যাক অবৈধ অনুপ্ৰৱেশকাৰী বুলি কোৱা হৈছিল, ই লজ্জাজনক।” বঙাইগাঁৱৰ শালবাগান গাঁৱত থকা কৃষ্ণভক্ত সেজেবালা ঘৰত অকলে থাকে।