NORTHEAST NOW (Assamese)

বিশ্বনাথৰ জিনজিয়াৰ শিশু সহ ৩ গৰাকী মহিলা উত্তৰ প্ৰদেশত উদ্ধাৰক লৈ চাঞ্চল্য

October 5, 2020 11:22 pm · এন ই নাও নিউজ

এটা দালাল চক্ৰৰ প্ৰৰোচনাত পৰি ধনৰ বিনিময়ত বহিঃৰাজ্যলৈ মহিলা সৰবৰাহ কৰাৰ পিছত বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলবস্তি আৰু সমাৰবস্তিৰ এগৰাকী শিশু সহ ৩ গৰাকী মহিলা উত্তৰ প্ৰদেশত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, বিগত ২৪ আগষ্টত জিনজিয়াৰ কলবস্তি আৰু সমাৰবস্তিৰ পৰা নিৰুদ্দেশ হৈছিল শিশু সহ মহিলা কেইগৰাকী।

প্ৰথম অৱস্থাত এইয়া অপহৰণৰ ঘটনা বুলি চিহ্নিত হৈছিল যদিও বিশ্বনাথ জিলা আৰক্ষীয় অনুসন্ধান কৰি এয়া মানৱ সৰবৰাহৰ ঘটনা বুলি নিশ্চিত হয়।

এই ঘটনাৰ লগত জড়িত মঙলদৈৰ হৰিপদ মণ্ডল আৰু ফকিৰ আলিক বিশ্বনাথ আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখে।

এই তদন্তৰ ভিত্তিতে  মহিলা কেইগৰাকীৰ অৱস্হিতি উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ নাগনা মাচানিত  ধৰা পৰে আৰু বিশ্বনাথ জিলা আৰক্ষীৰ  এটা দল যোৱা ৩০ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশলৈ ৰাওনা হয়।

উত্তৰ প্ৰদেশত আলীগড় আৰক্ষীৰ সহযোগত ৪ জনীয়া মহিলাৰ দলটোক উদ্ধাৰ কৰে বিশ্বনাথ আৰক্ষীয়ে।

বিশ্বনাথৰ জিনজিয়াৰ পৰা উত্তৰ প্ৰদেশৰ আলীগড় জিলালৈ সৰবৰাহৰ আঁৰত জড়িত চক্ৰটোৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে।

তদুপৰি, কিদৰে ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ  মহিলা সৰবৰাহ হৈছে তাৰো তথ্য লাভ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।

Related News