DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত ভূমিহীনক চৰকাৰে ভূমি প্ৰদানৰ দিনাই ভূমিহীনৰ বাবে ভূমি বিচাৰি শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 6, 2020 6:34 am
IMG-20201005-WA0028

ফটো: নৰ্থইষ্ট নাও

280
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ আমোলত  খিলঞ্জীয়া ৰাইজে বাসস্থানৰ  অভাৱত আন্দোলন কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই চৰকাৰখনে কেৱল খিলঞ্জীয়া ৰাইজক হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ফেচিষ্ট, সাম্প্ৰদায়িক চৰকাৰখনে হিন্দুত্ববাদৰ দোহাই দি বিদেশী আৰু পূজিপতিৰ স্বাৰ্থত কাম কৰিছে। কিন্তু সাধাৰণ জনতাৰ মৌলিক প্ৰয়োজন কেইটাও পূৰণ কৰিবলৈ অপৰাগ এই চৰকাৰ।

এই মন্তব্য কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে।

সোমবাৰে সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

শিৱসাগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত সন্থাই উল্লেখ কৰে যে মানুহৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কেইটাই হ’ল অন্ন,বস্ত্ৰ আৰু বাসস্থান। কিন্তু আজি বাসস্থানৰ নিৰাপত্তাৰ অভাৱত শিৱসাগৰ জিলাৰ বহু লোকে বৰ্তি আছে।কাৰণ শিৱসাগৰ জিলাৰ বহু লোকেই ভূমিহীনভাৱে জীৱন অতিবাহিত কৰি আহিছে।

তেওঁ কয় যে সেই ভূমিহীন লোকসকলৰ গৰিষ্ঠ সংখ্যকেই কিন্তু অনুসূচিত জাতিৰ লোক হয়। এই সন্দৰ্ভত পূৰ্বতে বহু বাৰ সন্থাই আপোনালোকক অৱগত কৰিছে। ইয়াৰোপৰি প্ৰতিবাদী কাৰ্য্যসূচী পৰ্য্যন্ত ৰূপায়ন হৈছে। কিন্তু সাধাৰণ জনতা তথা খিলঞ্জীয়া সেইসকল লোকৰ অভাৱ অভিযোগবোৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ কোনো ধৰণৰ গুৰুত্ব নাই।

বৰঞ্চ, সুবিধা পালেই বহু খিলঞ্জীয়া পৰিয়ালৰ বাসস্থান উচ্ছেদ কৰি গৃহহীন কৰি তোলাৰো আমাৰ দৃষ্টিগোচৰ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই।

শিৱসাগৰ জিলাৰ পলাশনী, বেতবাৰী, দিচাংমুখ, বেজগাওঁ, বনগাওঁ আদি বহু ঠাইৰ জনসাধাৰণ ভূমিহীন ভাৱে জীয়াই থকাৰ উপৰিও নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰে সন্থাই।

আনহাতে, ৭ দিনৰ ভিতৰত উচিত প্ৰত্যুত্তৰ লাভ নকৰিলে সন্থাই জংগী আন্দোলন ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে।

প্ৰতিবাদস্থলীতেই সন্থাই ৰূপায়ন কৰে এক প্ৰতিবাদী সভা, উক্ত সভাৰ আঁত ধৰে সন্থাৰ জিলা সম্পাদক মৃদুল দাসে। সন্থাৰ কেন্দ্ৰীয় সদস্য সত্যনাৰায়ণ দাস, জিলা সভাপতি বিদ্যুৎ দাস, অসম ছাত্ৰ যুৱ সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি জিন্টু মেচ্, শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ ৰঞ্জিত তামুলীয়ে সন্থাৰ এই সংগ্ৰামক  আদৰণী জনোৱাৰ লগতে, বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁলোকে লগতে খিলঞ্জিয়াক মাটিৰ পট্টা দিবই লাগিব বুলি সজোৰে দাবী উত্থাপন কৰে।

উল্লেখ্য যে আজি বিজেপি চৰকাৰে ৰাজ্যৰ ভূমিহীন জনসাধাৰণক মাটিৰ পট্টা প্ৰদান কৰিছে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd