NORTHEAST NOW (Assamese)

ল’কডাউনৰ সময়ত ফল্ডিং অসমীয়া ফুলাম জাপি সাজি উলিয়াইছে অসমৰ এজন যুৱকে

May 1, 2020 10:56 pm · এন ই নাও নিউজ

ল’কডাউনৰ সময়ত গুৱাহাটীৰ ৰূপাংকৰ ভট্টাচাৰ্য্য নামৰ এগৰাকী যুৱকে ফল্ডিং অসমীয়া ফুলাম জাপি প্ৰস্তুত কৰি উলিয়াইছে।

কোভিড-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ল’কডাউন ঘোষণা কৰাৰ ফলত ঘৰত থাকিবলগীয়া হোৱাৰ সময়তে তেওঁৰ মনলৈ ফল্ডিং ফুলাম জাপিৰ আৰ্হি নিৰ্মাণৰ কথা মনলৈ আহে।

অসমৰ হস্তশিল্প সমূহক বাণিজ্যিকীকৰণৰ বাবে ৰূপাংকৰে নেচাৰ কনজাৰভেশ্যনৰ সৈতে মিলি ছমাহ পূৰ্বে আৰ্থ ক্ৰাফ্ট নামৰ এটা ষ্টাৰ্ট আপ ব্যৱসায় আৰম্ভ কৰিছিল।

স্বেচ্ছাসেৱী সংস্থাটোৱে ৰূপাংকৰক ফুলাম ফল্ডিং জাপি নিৰ্মাণ কৰাৰ বাবে উৎসাহিত কৰিছিল।

উল্লেখযোগ্য যে, অসমীয়া মানুহে প্ৰায়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ফুলাম জাপি অতিথি সকলক উপহাৰ হিচাপে দি আহিছে।

বহু সময়ত দুৰণিৰ অতিথি সকলে ঠাইৰ অভাৱত ফুলাম জাপি নিজ ঠাইলৈ কঢ়িয়াই নিবলৈ অসমৰ্থ হয়।

ফল্ডিং ফুলাম জাপি নিৰ্মাণ কৰাৰ ফলত সেই সমস্যা আঁতৰ হ’ব বুলিও ৰূপাংকৰে মত ব্যক্ত কৰে।

যিকোনো সামগ্ৰীৰ দ্বাৰা ফুলাম ফল্ডিং জাপি আটক ধুনীয়াকৈ প্ৰস্তুত কৰিব পাৰি বুলিও ৰূপাংকৰে লগতে কয়।

ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত অসমীয়া ফুলাম জাপিৰ বহুল সমাদৰ আছে।

Related News