NORTHEAST NOW (Assamese)

আবেদন মাছুলৰ নামত ছাত্ৰ ছাত্ৰীৰ ওপৰত মাধমাৰ শোধাইছে গুৱাহাটী বিশ্ববিদ্যালয়ে

June 19, 2023 4:19 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 19, 2023 4:20 pm

নতুন শিক্ষা নীতিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীক সামৰি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ সময়তে উত্তৰ পূবৰ প্ৰথমখন বিশ্ব বিদ্যালয়ে আকাশলংঘী আবেদন মাছুলেৰে ছাত্ৰ ছাত্ৰীৰ ওপৰত মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছে। আগন্তুক ২০২৩-২৪ বৰ্ষৰ গৱেষণাৰ বাবে আবেদনকাৰী ছাত্ৰ ছাত্ৰীৰ পৰা ২০০০ টকাৰ আবেদন মাছুল ধাৰ্য কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। 

যি সময়ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় , দিল্লী বিশ্ববিদ্যালয় , বেনাৰস হিন্দু বিশ্ববিদ্যালয়, যাদৱপুৰ বিশ্বিদ্যালয়ৰ দৰে আগশাৰীৰ বিশ্ববিদ্যালয় সমূহত গৱেষণাৰ আবেদন নূন্যতম ৩০০ টকাৰ পৰা ৯০০ টকা পৰ্যন্ত ধাৰ্য কৰা হৈছে , সেই সময়ত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ আবেদন মাছুলে হতবাক কৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে সচেতন মহলক। উল্লেখ্য যে , গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহু সময়ত বহু কেইটা পেছাদাৰী পাঠ্যক্ৰমৰ নামভৰ্তি মাছুলক কেন্দ্ৰ কৰিও ছাত্ৰ ছাত্ৰীৰ অসন্তুষ্টি আৰু প্ৰতিবাদ দেখা পোৱা গৈছিল। লুইতৰ পাৰ জিলিকোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিষ্ঠা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ে বৰ্তমানৰ প্ৰেক্ষাপটত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ৰূপ লোৱা কাৰ্যত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে। জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক সুব্ৰত দত্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই ধৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে এইদৰে নিজ ইচ্ছামতে মাছুল বৃদ্ধি কৰি গৈ থাকিলে কিছু দিনৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু আন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাজত কোনো পাৰ্থক্য নাথাকিবগৈ। লকডাউনৰ পাছৰ পৰ্যায়ত দেউলীয়া বিজেপি চৰকাৰক কৰ যোগান দি অসমীয়া জাতি ইতিমধ্যেই দেউলীয়া হৈছে। অসমীয়া জাতি অৰ্থনৈতিক ভাৱে জুৰুলা হৈ থকাৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই হঠকাৰী সিদ্ধান্তক জনস্বাৰ্থ বিৰোধী আৰু জাতিদ্ৰোহী সিদ্ধান্ত বুলি আখ্যা দিছে সংগঠনটোৱে। গুৱাহাটী বিশ্ববিদ্যালয়ক গৱেষণাৰ আবেদনৰ মাছুল হ্ৰাস কৰিবলৈ দাবী জনোৱাৰ লগতে ৰাজ্যৰ মুখমন্ত্ৰী আৰু আৰু শিক্ষামন্ত্ৰীক এই ক্ষেত্ৰত হস্তক্ষেপ কৰি শিক্ষাখণ্ডটোক কেৱল ধনী শ্ৰেণীৰ বাবে উপলব্ধ কৰিব খোজা ষডযন্ত্ৰৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।

Related News