NORTHEAST NOW (Assamese)

অসম ৰাজ্যিক চিৰিয়াখানাৰ নতুন আৱাসী এহাল বিৰল প্ৰজাতিৰ ‘কঁটীয়া গাহৰি’

September 19, 2018 9:39 pm · এন ই নাও নিউজ

বশিষ্ঠত থকা ‘কঁটীয়া গাহৰি সংৰক্ষণ প্ৰজনন কেন্দ্ৰ’ৰ পৰা এহাল বিপন্ন প্ৰজাতিৰ ‘কঁটীয়া গাহৰি’ Porcula Salvania) অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ অহা হৈছে।

কঁটীয়া গাহৰি সংৰক্ষণ প্ৰকল্পৰ মুখ্য পশু চিকিৎসক ড০ পৰাগ ডেকা নিজেই অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিছিল।

উল্লেখ্য যে ‘কঁটীয়া গাহৰি’ হৈছে বিশ্বৰ আটাইতকৈ সৰু প্ৰজাতিৰ গাহৰি। অকল মানাহ ৰাষ্ট্ৰীয় উদ্যানহে কঁটীয়া গাহৰিৰ বসতিস্থান। ইয়াৰ বাহিৰে বিশ্বৰ কতো এই প্ৰজাতিৰ গাহৰি দেখা নাযায়।

বৰ্তমান ‘কঁটীয়া গাহৰি’ বিপদাপন্ন প্ৰজাতিৰ তালিকাভুক্ত হৈছে। এই গাহৰিবিধৰ সংৰক্ষণৰ বাবে গৌতম নাৰায়ণ আৰু ড০ পৰাগ ডেকাই যথেষ্ট উচ্চমানৰ কাম-কাজ কৰি আছে।

এই হালৰ সৈতে বৰ্তমান গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত দুহাল ‘কঁটীয়া গাহৰি’ আছে।  বৰ্তমান সিহঁতক প্ৰদৰ্শনৰ বাবে আৰু সিঁহত যে বিশ্বত বিৰল তাৰ বিষয়ে মানুহক সচেতন কৰাৰ উদ্দেশ্যে ৰখা হৈছে। উল্লেখ্য যে একমাত্ৰ গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানাতহে কটীয়া গাহৰি আছে।

Related News