• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুন্দৰী যুৱতী আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল, সম্পৰ্ক ব্যাখ্যা অনিল ৰাজাৰ!

অনিল ৰাজাৰ সকলো অভিযোগ অগ্ৰাহ্য কৰিছে ৰকিবুল হুছেইনে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2018 4:06 pm
17-02-18-Guwahati-Anil-Raja-addressing-media-4

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন আৰু দলৰ অপসাৰিত নেতা অনিল ৰাজ্য। ফাইল ফটো|

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে অসংখ্য অভিযোগ আনি দলৰ পৰাই বহিষ্কৃত হোৱা অনিল ৰাজাই এইবাৰ ব্যাখ্যা কৰিছে প্ৰাক্তন মন্ত্ৰীজনৰ সৈতে সুন্দৰী যুৱতী-মহিলাৰ সম্পৰ্কৰ!

হুছেইনক ‘লম্পট’ ব্যক্তিৰূপে অভিহিত কৰি বুধবাৰে গুৱাহাটীত এক সংবাদমেলত প্ৰাক্তন মন্ত্ৰীগৰাকী আৰু সুন্দৰী যুৱতী-মহিলাৰ সম্পৰ্কৰ ৰহস্য ব্যাখ্যা আগবঢ়াই অসম কংগ্ৰেছৰ এসময়ৰ সাধাৰণ সম্পাদক ৰাজাই।

Apply Now

‘সুন্দৰী মহিলা দেখা পালে তেওঁৰ গিৰিয়েকক ভাল পদত চাকৰি দিয়ে ৰকিবুল হুছেইনে। সুন্দৰী যুৱতী পালে ভায়েক-ককায়েকক সম্পত্তিৰ লোভ দেখুৱাই আৰু কেতিয়াবা কোটিপটি বনাই দিয়ে,‘ ‘লম্পট’ ৰকিবুলে কিদৰে যুৱতী-মহিলাৰে সম্পৰ্ক ৰক্ষা কৰে সেয়া ব্যাখ্যা কৰিবলৈ গৈ মন্তব্য ৰাজাৰ।

তাৰোপৰি ‘ৰাজনীতি ভালপোৱা ছোৱালী’ক হুছেইনে দলৰ টিকট দিয়াৰ প্ৰলোভন দিয়ে বুলিও সংবাদমেলত দাবী কৰে ৰাজাই।

থাইলেণ্ডৰ ‘পাটায়া বিশ্ববিদ্যালয়’ৰ পৰা হুছেইনে যুৱতী-মহিলাক ভুলোৱাৰ ডক্তৰে’ট দিগ্ৰি লোৱা বুলিও তীৰ্য্যক মন্তব্য কৰে ৰাজাই।

দুৰ্নীতিৰ অভিযোগত ৰকিবুল হুছেইন জে’ললৈ যাবই লাগিব বুলি দাবী কৰি ৰাজাই কয়, ‘জে’লৰ ৰাস্তা ৯০ শতাংশ মুকলি হৈ আছে।‘

হুছেইনৰ সৈতে ‘ভাল মানুহ কেতিয়াও নাযায়’ আৰু ‘লগত সদায় ২৫-৩০টা গুণ্ডা লৈ ফুৰে‘, বুলিও দাবী কৰি ৰাজাই কয় যে যোৱা ১৫ ছেপ্তেম্বৰত ৰকিবুলৰ ইংগিততে গুণ্ডাই তেওঁৰ গাত চিয়াঁহি মাৰিছিল।

ৰকিবুল হুছেইন আৰু তেওঁৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে যোৱা ১৫ ছেপ্তেম্বৰত পাণবজাৰ থানাত দিয়া এজাহাৰৰ পিছতে আৰক্ষীয়ে ‘আব্দুল চাত্তাৰ, ৰাকিব হুছেইন, আৰিফ আহমেদ আৰু আব্দুল জানিচাৰ’ নামৰ ৰকিবুলৰ গুণ্ডাকেইজনক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি ৰাজাই কয়, ‘হুছেইনলৈও পাণবজাৰ আৰক্ষীয়ে জাননী জাৰি দিছিল যদিও তেওঁ দিল্লীলৈ পলায়ন কৰিছে।’

ৰাজাৰ মতে সৰু-সুৰা সভা এখনো বাদ নিদিয়া ৰকিবুল হুছেইনে কালি নগাঁৱত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উপস্থিত থকা সভাখনতো আৰক্ষীৰ ভয়তে উপস্থিত নাথাকিল।

আনহাতে ৰাজেন গোহাঁইৰ সৈতে হুছেইনৰ ভিতৰুৱা বুজাবুজি আছে বুলিও দাবী কৰে ৰাজাই।

‘ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ দৰে অভিযোগ উঠাত সকলো ৰাজনৈতিক নেতা তথা অসমৰ ৰাইজে ধিক্কাৰ দিলে, কিন্তু ৰকিবুল হুছেইনে তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ মাত এষাৰ নামাতিলে। কংগ্ৰেছৰ নেতাসকলে ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ণা দিওঁতে তেওঁ কিয় উপস্থিত নাথাকিল? ৰাজেন গোহাঁইৰ সৈতে ৰকিবুল হুছেইনৰ কি সম্পৰ্ক আছে,’ প্ৰশ্ন অনিল ৰাজাৰ।

আনহাতে ‘১৯৯৭ চনত ৰকিবুল হুছেইনক মই তৰুণ গগৈৰ ওচৰলৈ লৈ আহিছিলো’, বুলি দাবী কৰি ৰাজাই কয়, ‘তৰুণ গগৈৰ ওচৰলৈ আনি কৈছিলো, এই ল’ৰাটো ভাল, এওঁৰ নিলম্বন পত্ৰখন উঠাই লওক।’

হুছেইনৰ বিৰুদ্ধে মুখ্য মন্ত্ৰীৰ তদাৰকী শাখাৰ তদন্ত শেষ পৰ্যায় পাইছেহি বুলি সংবাদমেলত জানিবলৈ দি তেওঁ কয়, ‘দহটা ফাইল আহি গৈছে আৰু সেইকেইটা চি এ ৰ দ্বাৰা পৰীক্ষা-নিৰীক্ষা চলি আছে৷ মুখ্য মন্ত্ৰীৰ ওপৰত বিশ্বাস ৰাখক।’

আনহাতে, অনিল ৰাজাই অনা প্ৰত্যেকটো অভিযোগ তেওঁৰ কাণত পৰা বুলি উল্লেখ কৰি ৰাজাৰ প্ৰত্যেকটো অভিযোগেই অস্বীকাৰ কৰিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।

নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘মোৰ বিৰুদ্ধে অভিযোগ অনা মানুহজনে, যদি মই বিএ পাছ কৰাৰ চাৰ্টিফিকেট দেখুৱাব পাৰো, তেন্তে ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছিল। এতিয়া কি হ’ল? তেওঁ কৰিলে জানো।‘

সুন্দৰী মহিলা-যুৱতীৰ মন ভুলোৱাৰ অভিযোগ সন্দৰ্ভত হুছেইনে কয়, ‘এইটো তেওঁৰ ষ্টেণ্ডাৰ্ড। মানুহৰ মাত-কথাই মানুহৰ পৰিচয় বা চিনাকি। যিটো ষ্টেণ্ডাৰ্ডত থাকে, সেইটো কথাই ক’ব।‘

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd