চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, লেখক মাণিক বৰাৰ দেহাৱসান

ভৱেন্দ্ৰনাথ শইকীয়াৰ বিখ্যাত চিনেমা ‘সন্ধ্যাৰাগ’ৰ মুখ্য সহকাৰী পৰিচালক আছিল বৰা

ManikBora

বোলছবি নিৰ্মাতা, লেখক, ঔপন্যাসিক, সম্পাদক মাণিক বৰাৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। পৰিয়ালৰ সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ মালিগাওঁস্থিত নিজৰ ঘৰতে তেওঁৰ মৃত্যু হয়।

মানিক বৰা ভৱেন্দ্ৰনাথ শইকীয়াৰ বিখ্যাত চিনেমা ‘সন্ধ্যাৰাগ’ত বৰা মুখ্য সহকাৰী পৰিচালক আছিল।

আনহাতে তেওঁ নিজাববীয়াকৈ ‘অপৰূপ ৰংপুৰ’, ‘শিলেও কথা কয়’ আৰু ‘মদন-কামদেৱ’ নামৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।

মাণিক বৰা।

উল্লেখযোগ্য যে ঘাইকৈ চিনেমাৰ সৈতে জড়িত আছিল যদিও লেখা-মেলাও সমানে কৰি গৈছিল বৰাই। ‘বৈৰাগী বিহংগ’ হ’ল তেওঁৰ এখন জনাজাত উপন্যাস।

ইফালে মাণিক বৰাই ৰংঘৰ নামৰ বোলছবি বিষয়ক আলোচনীখনৰো সম্পাদক আছিল। লগতে বিস্ময় আলোচনী গোষ্ঠীৰ সৈতে জড়িত হৈ আছিল মাণিক বৰা। তেওঁ চিত্ৰনাট্য ৰচনা কৰাৰ লগতে বহুসংখ্যক চুটিগল্পও ৰচনা কৰিছিল।

অসমীয়া শিল্প-সাহিত্য জগতলৈ উল্লেখযোগ্য বৰঙনি আগ বঢ়াই যোৱা মাণিক বৰাৰ আচল ঘৰ আছিল শিৱসাগৰ চহৰত।