পাকিস্তানী প্ৰধান মন্ত্ৰীক সকীয়নি অসমীয়া মুছলিম কল্যাণ পৰিষদৰ

এন আৰ চিখন ১০০ শতাংশ পুনৰীক্ষণ কৰিব লাগে : অসমীয়া মুছলিম কল্যাণ পৰিষদ

Asomiya Muslim Kalyan Parishad

দিচপুৰ প্ৰেছ ক্লাবত অসমীয়া মুছলিম কল্যাণ পৰিষদৰ সংবাদমেল। ৩ ছেপ্টেম্বৰত।

অসমৰ সদ্য প্ৰকাশিত এন আৰ চি সন্দৰ্ভত মাত মতা বাবে পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰান খানক আজি সকীয়াই দিছে অসমীয়া মুছলিম কল্যাণ পৰিষদে।

সংগঠনটোৱে আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল দিয়ে আৰু ভাৰতৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ খানক আহ্বান জনায়।

“ইমৰান খান ভাৰতৰ অভিভাৱক নহয়। তেওঁ ভাৰতীয় মুছলমানৰ নেতা নহয়। ইমৰান খান ভাৰত আৰু ভাৰতীয় মুছলমানৰ শত্ৰু”, সংগঠনটোৰ উপদেষ্টা মুকেশ্বৰ ৰহমানে কয়।

চুবুৰীয়া দেশখনৰ প্ৰধান মন্ত্ৰীজনে এন আৰ চি প্ৰকাশ হোৱাৰ পিছতে ইয়াক মুছলমানৰ বিৰুদ্ধে পদক্ষেপ বুলি অপব্যাখ্যা কৰিছিল।

এই মন্তব্যৰ বাবে ২ ছেপ্টেম্বৰতো সদৌ অসম গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদ নামৰ এটা সংগঠনেও একেই সকীয়নি দিছিল পাকিস্তানৰ প্ৰধান মন্ত্ৰীজনক।

অসমীয়া মুছলিম কল্যাণ পৰিষদে ইমৰান খানে পাকিস্তানত সন্ত্ৰাসবাদক আশ্ৰয় দি থকাৰ অভিযোগ আনি ভাৰতত অস্থিৰতাৰ সৃষ্টি কৰিব বিচৰা বুলি দাবী কৰে।

“ইমৰান খানে নিজৰ দেশখনৰ কথা চিন্তা কৰক। তেওঁৰ দেশৰ অৰ্থনীতি শেষ হৈ গৈছে। তেওঁ দেশৰ জনসাধাৰণক আকৃষ্ট কৰিবৰ বাবে এইবোৰ নাটক কৰি আছে। এইবোৰ নাটক কৰি গৈ থাকিলে তেওঁৰ পৰিণতি অতি ভয়াৱহ হ’ব” সংবাদমেলত ৰহমানে এইদৰে কয়।

ইপিনে, মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰি এক যুগান্তকাৰী সিদ্ধান্ত লোৱা বুলিও ৰহমানে মন্তব্য কৰে।

ৰহমানে এন আৰ চিখন অসমৰ খিলঞ্জীয়া লোকৰ বাবে সুখকৰ নহয় বুলি মন্তব্য কৰি “অপত্তিজনক আৰু সন্দেহজনক” আখ্যা দিয়ে।

“সদ্য প্ৰকাশিত এন আৰ চিখনৰ দ্বাৰা খিলঞ্জীয়া লোকৰ অধিকাৰ, স্বাভিমান আদি হৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা এন আৰ চিখন ১০০ শতাংশ পুনৰীক্ষণ কৰিব লাগে।” সংগঠনটোৰ দাবী।