• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি আলি আয়ে লৃগাং; চৰকাৰী বন্ধৰ তালিকাত নাৰাখি ষটপূজাতকৈ হেয় কৰাত খিলঞ্জীয়া লোকৰ ক্ষোভ ছ’চিয়েল মিডিয়াত

"অসমত ষট পূজা পতা লোকৰ সংখ্যা ভূমিপুত্ৰ মিচিংসকলৰ সংখ্যাতকৈ বেছি নেকি?" প্ৰশ্ন ছ'চিয়েল মিডিয়া য়ুজাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2019 12:32 pm
Ali Aye Lrigang_2

আলি আয়ে লৃগাং উৎসৱৰ এটা দৃশ্য। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নদীৰ পলসুৱা জীৱন ভালপোৱা অসমৰ এটা অন্যতম জনজাতি মিচিংসকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং উদাযাপন হৈ আছে ৰাজ্যখনৰ বিভিন্ন কোণৰ লগতে অৰুণাচল প্ৰদেশৰো কিছু কিছু ঠাইত। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই কৃষি উৎসৱটো পালন কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়েও ধেমাজি জিলাৰ জোনাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিছে আলি আয়ে লৃগাং।

পিছে খাটিখোৱা, কৃষিজীৱী এইসকল ভূমিপুত্ৰৰ প্ৰধান উৎসৱটোত নাই ৰাজ্য চৰকাৰৰ চৰকাৰী বন্ধ। ২০১৯ বৰ্ষৰ বন্ধৰ তালিকাত ২ নৱেম্বৰ দিনটো ষট পূজাৰ বাবে চৰকাৰী বন্ধ ঘোষণা কৰাৰ বিপৰীতে প্ৰায় ১২ লাখ জনসংখ্যাৰ মিচিংসকলৰ ঘাই উৎসৱটোত কিয় চৰকাৰী বন্ধ ৰখা নাই সেই প্ৰশ্নৰ উত্থাপন হৈছে।

সদৌ গুৱাহাটী মিচিং কেবাঙৰ এজন বিষয়ববীয়াই জনোৱা মতে কেবাঙৰ সোণালী বৰ্ষৰ সামৰণি কাৰ্যসূচীত উপস্থিত থাকিব লগীয়া মুখ্য মন্ত্ৰীক এই দিনটো চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰি স্মাৰকপত্ৰ দিয়া হ’ব।

আনপিনে, এই লৈ আজি ছ’চিয়েল মিডিয়াতো প্ৰশ্ন তুলিছে বহুতো খিলঞ্জীয়া লোকে। ‘খিলঞ্জীয়া লোকৰ স্বাৰ্থ ৰক্ষাৰ কথা সততে কোৱা চৰকাৰে প্ৰকৃততে কিমান আন্তৰিকতা আছে?’ বুলি প্ৰশ্ন উত্থাপন হৈছে।

“ষট পূজাটো অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ আলি আই লৃগাঙতকৈ ডাঙৰ হ’ল নেকি”, এজন যুৱকৰ প্ৰশ্ন ফেইচবুকত। তেওঁৰ মতৰ সমৰ্থনত কেইবাটাও কমেণ্ট।

Ali Aye Lrigang
আলি আয়ে লৃগাং উৎসৱৰ এটা দৃশ্য। ফাইল ফটো।

আন এজনে প্ৰশ্ন কৰিছে, “যদি জনসংখ্যা চাই বন্ধৰ দিন নিৰ্ধাৰণ কৰিছে, তেন্তে অসমত ষট পূজা পতা লোকৰ সংখ্যা ভূমিপুত্ৰ মিচিংসকলৰ সংখ্যাতকৈ বেছি আছে নেকি?”

যদি বেছি হৈছেগৈ এওঁলোকৰ সাংস্কৃতিক আগ্ৰাসনক লৈ আমি চিন্তিত হ’ব নালাগিব নে? ষট পূজা পালন কৰা এই হিন্দী বলয়টোৰ সাংস্কৃতিক আগ্ৰাসনক চৰকাৰেই বৰপীৰা পাৰি দিয়াৰ লগতে ভূমিপুত্ৰসকলক হেঁচা মাৰি ৰাখিব খোজা নাইনে? ক্ষুভিত যুজাৰজনৰ প্ৰশ্ন। তেওঁৰ মতে ষট পূজাহে সীমিত বন্ধ হোৱা উচিত, যিহেতু এয়া অসমৰ থলুৱা লোকে নহয়, বহিৰাগত কিছুসংখ্যক লোকেহে পাতে।

সদৌ গুৱাহাটী মিচিং কেবাঙৰ সূত্ৰটোৱে জনোৱামতে, কংগ্ৰেছ চৰকাৰৰ আমোলত আলি আয়ে লৃগাং চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল যদিও পিছত সেয়া উঠাই দিয়া হয়। জাতি-মাটি-ভেটি ৰক্ষা কৰিবলৈ অহা ‘খিলঞ্জীয়াৰ চৰকাৰ’-এও সীমিত বন্ধ হিচাপেই ৰাখিছে আলি আয়ে লৃগাঙক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd