• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2025 12:25 pm
49
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট কবি অনুভৱ তুলসীৰ ইহলীলা সম্বৰণ। গুৱাহাটীৰ জিএনআৰচি হাস্পতালত আজি পুৱা ১০:০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কবি গৰাকীয়ে। ষ্ট্ৰ’কত আক্ৰান্ত হৈ জিএনআৰচি হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল কবিগৰাকী।

সকলোৰে মাজত অনুভৱ তুলসী নামেৰে জনপ্ৰীয় বৰেণ্য সাহিত্যিক ডিম্বেশ্বৰ শইকীয়াৰ বিয়োগ অসমীয়া ভাষা আৰু সাহিত্য লগতে সমাজ জীৱনৰ অপূৰণীয় ক্ষতি।

অসমীয়া সাহিত্যৰ বাবে এক অপুৰণীয় ক্ষতি। তেওঁ একাধাৰে এগৰাকী কবি, অনুবাদক, চলচ্চিত্ৰ সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অনবদ্য অৱদান আগবঢ়াই গৈছে। তেওঁ ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৮৩ চনৰ পৰা ২০১৮ চনলৈকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে।

১৯৮৫ চনত তেওঁৰ প্ৰথম কবিতাপুথি ‘নাজমা’ প্ৰকাশ পায়। তেওঁৰ ২০খন কবিতাপুথি প্ৰকাশ পাইছে৷ ত্ৰিশখনতকৈ অধিক পুথিৰ ৰচক অনুভৱ তুলসীৰ কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লখিমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, নৰ্থ ইষ্টাৰ্ণ পাৰ্বত্য বিশ্ববিদ্যালয়, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত গ্ৰন্থত তেওঁৰ কবিতা অন্তৰ্ভুক্ত হৈছে।

 তেওঁ তুৰস্কৰ ইস্তানবুল, আমেৰিকাৰ অষ্টিন, গ্ৰীচৰ এথেন্স আৰু বাংলাদেশ ঢাকাত অনুষ্ঠিত বিশ্ব কবিতা আৰু সাহিত্য মহোৎসৱত কবিতা পাঠৰ বাবে  আমন্ত্ৰিত হৈছে। জাৰ্মানী, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈও তেওঁৰ কবিতা অনুবাদ হৈছে।

অনুভৱ তুলসীয়ে মুনীন বৰকটকী বঁটা, কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বীপ, অন্তৰ্লিপি সাহিত্য বঁটা, সাহিত্য জ্যোতি বঁটা, অসম সাহিত্য সভাৰ সভাপতিৰ শতবৰ্ষীয় সাহিত্য সন্মান, পৰনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, নলবাৰী সাহিত্য সভাৰ ‘জমিৰুদ্দিন আহমদ বঁটা’, অসম সাহিত্য সভাৰ ‘অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা’ আদি পুৰস্কাৰ লাভ কৰিছিল।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd