• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2025 12:25 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট কবি অনুভৱ তুলসীৰ ইহলীলা সম্বৰণ। গুৱাহাটীৰ জিএনআৰচি হাস্পতালত আজি পুৱা ১০:০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কবি গৰাকীয়ে। ষ্ট্ৰ’কত আক্ৰান্ত হৈ জিএনআৰচি হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল কবিগৰাকী।

সকলোৰে মাজত অনুভৱ তুলসী নামেৰে জনপ্ৰীয় বৰেণ্য সাহিত্যিক ডিম্বেশ্বৰ শইকীয়াৰ বিয়োগ অসমীয়া ভাষা আৰু সাহিত্য লগতে সমাজ জীৱনৰ অপূৰণীয় ক্ষতি।

Apply Now

অসমীয়া সাহিত্যৰ বাবে এক অপুৰণীয় ক্ষতি। তেওঁ একাধাৰে এগৰাকী কবি, অনুবাদক, চলচ্চিত্ৰ সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অনবদ্য অৱদান আগবঢ়াই গৈছে। তেওঁ ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৮৩ চনৰ পৰা ২০১৮ চনলৈকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে।

১৯৮৫ চনত তেওঁৰ প্ৰথম কবিতাপুথি ‘নাজমা’ প্ৰকাশ পায়। তেওঁৰ ২০খন কবিতাপুথি প্ৰকাশ পাইছে৷ ত্ৰিশখনতকৈ অধিক পুথিৰ ৰচক অনুভৱ তুলসীৰ কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লখিমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, নৰ্থ ইষ্টাৰ্ণ পাৰ্বত্য বিশ্ববিদ্যালয়, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত গ্ৰন্থত তেওঁৰ কবিতা অন্তৰ্ভুক্ত হৈছে।

 তেওঁ তুৰস্কৰ ইস্তানবুল, আমেৰিকাৰ অষ্টিন, গ্ৰীচৰ এথেন্স আৰু বাংলাদেশ ঢাকাত অনুষ্ঠিত বিশ্ব কবিতা আৰু সাহিত্য মহোৎসৱত কবিতা পাঠৰ বাবে  আমন্ত্ৰিত হৈছে। জাৰ্মানী, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈও তেওঁৰ কবিতা অনুবাদ হৈছে।

অনুভৱ তুলসীয়ে মুনীন বৰকটকী বঁটা, কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বীপ, অন্তৰ্লিপি সাহিত্য বঁটা, সাহিত্য জ্যোতি বঁটা, অসম সাহিত্য সভাৰ সভাপতিৰ শতবৰ্ষীয় সাহিত্য সন্মান, পৰনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, নলবাৰী সাহিত্য সভাৰ ‘জমিৰুদ্দিন আহমদ বঁটা’, অসম সাহিত্য সভাৰ ‘অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা’ আদি পুৰস্কাৰ লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd