NORTHEAST NOW (Assamese)

দিল্লীত পুনৰ যৌন নিৰ্যাতনৰ বলি অসমীয়া মহিলা : নিজকে বচাবলৈ জাঁপ দিলে তৃতীয় মহলাৰ পৰা

May 22, 2024 7:58 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 22, 2024 8:06 pm

দেশৰ ৰাজধানী নতুন দিল্লীত আকৌ এবাৰ যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে অসমৰ মহিলা। দিল্লী আৰক্ষীৰ নৰ্থ- ইষ্ট চেলৰ অসমৰ সমন্বয়ক ঘিতাশ্রী ভূঞা নুৰলাৰ তৎপৰতাত দিল্লী আৰক্ষীয়ে আজি উক্ত ঘটনাত গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি উত্তৰ দিল্লীৰ মুকুন্দপুৰত কিষাণ কুমাৰ মাকান নামৰ ব্যক্তিজনৰ ঘৰত ঘৰুৱা সহায়িকা হিচাপে কাম কৰিছিল ভুক্তভোগী মহিলাগৰীয়ে।

জানিব পৰা মতে মহিলাগৰাকীৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত।

জানিব পৰা মতে, সোমবাৰে নিশা ৪২ বছৰীয়া মহিলাগৰাকীক প্ৰথমে শাৰীৰিক নির্যাতন চলোৱা হয় আৰু তাৰ পাচত ধৰ্ষণৰ চেষ্টা কৰে। আনকি নিৰ্যাতনৰ ঘটনা কেমেৰাত বন্দী কৰিছে বুলিও মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।

ইফালে ধৰ্ষণৰ পৰা বাচিবৰ বাবে মহিলাগৰাকীয়ে চলোৱা সকলো চেষ্টা ব্যৰ্থ হোৱাৰ পিছত মহিলাগৰাকীয়ে ঘৰটোৰ তৃতীয় মহলাৰ পৰা তললৈ জঁপিয়াই দিয়ে।

তললৈ জঁপিয়াই দিয়াৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। আঘাতপ্ৰাপ্ত মহিলাগৰাকীক এল এন জে পি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Related News