NORTHEAST NOW (Assamese)

ইণ্ডোনেছিয়াত চমক সৃষ্টিকাৰী প্ৰদৰ্শনেৰে পদক নিশ্চিত কৰিলে অসম কন্যা যমুনা বড়োৱে

July 25, 2019 7:58 am · এন ই নাও নিউজ
বক্সাৰ যমুনা বড়ো।ইন্টাৰনেটৰ পৰা সংগৃহীত

ইণ্ডোনেছিয়াত চলি থকা ২৩ সংখ্যক প্ৰেছিডেণ্টছ কাপ বক্সিং টুৰ্ণামেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম কন্যা যমুনা বড়োৱে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে যমুনাই কমেও ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো নিশ্চিত।

এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হৈ যোৱা ইণ্ডিয়া অ’পেনত স্বৰ্ণ পদক অৰ্জন কৰা যমুনাই বুধবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ ইনকাম জিৰাপাৰ্কক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।

৫৪ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা যমুনাই মেচখনত বিপক্ষৰ বক্সাৰ গৰাকীক পইণ্ট সংগ্ৰহৰ বাবে কোনো ধৰণৰ সুযোগেই প্ৰদান নকৰিলে। তেওঁ মেচখন ৫-০ৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বেও বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত সফলতা অৰ্জন কৰা যমুনা বড়োৰ এই সফলতাত অসমৰ ক্ৰীড়া প্ৰেমীসকলৰ লগতে তেওঁৰ জন্মস্থান ঢেকিয়াজুলিত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

অহা ২৮ জুলাইত সামৰণি পৰিব লগীয়া এই প্ৰতিযোগিতাখনত ১০জনীয়া ভাৰতীয় বক্সিং দলটোৰ নেতৃত্ব বহন কৰিছে ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ এম চি মেৰীকমে।

Related News