ইণ্টাৰনেট সেৱা বেয়া : আজি ১০:৩০ বজাত হ’ব লগীয়া পোষণ অভিযানৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সিঙৰ পৰা বাদ ধেমাজি জিলা
ডিজিটেল ইণ্ডিয়াৰ শ্ল’গানক সততে ব্যৱহাৰ কৰা প্ৰধান মন্ত্ৰী মোদীৰ আজিৰ পোনপটীয়া বাৰ্তালাপৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যসূচী এটাৰ পৰা অসমৰ ধেমাজি জিলাক বাদ দিব লগীয়া হয়।
আজি ১০:৩০ বজাৰ এই কাৰ্য্যসূচীটোত প্ৰধান মন্ত্ৰী মোদীয়ে ধেমাজি জিলাৰ এগৰাকী আশা কৰ্মী, এগৰাকী এ এন এম আৰু এগৰাকী অংগনবাড়ী কৰ্মী, মুঠ তিনিগৰাকী স্বাস্থ্য-পুষ্টি কৰ্মীৰ সৈতে পোনপটীয়াকৈ কথা পতাৰ কথা আছিল। কিন্তু জিলাখনত ইণ্টাৰনেট সেৱাৰ পুতৌ লগা অৱস্থাৰ বাবে ভিডিঅ’ ক’নফাৰেন্সিং সম্ভৱ নহ’ব বাবে শেষ মুহূৰ্তত এই কাৰ্য্যসূচীৰ পৰা ধেমাজিক বাদ দিয়া হয় বুলি জানিব পৰা গৈছে। ঘটনাটোৱে জিলাখনৰ সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে বিশেষকৈ শিশু, গৰ্ভৱতী মাতৃ, তথা কেঁচুৱা থকা মহিলাসকলৰ পুষ্টি আৰু স্বাস্থ্যৰ দিশটোৰ উন্নত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে পোষণ অভিযান নামৰ এখন আঁচনি মুকলি কৰিছিল যোৱা ৮ মাৰ্চত। আনহাতে ছেপ্তেম্বৰ মাহটোক কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মিশ্যনে পোষণ মাহ (পুষ্টিৰ মাহ) হিচাপে ঘোষণা কৰিছে।
সেই উপলক্ষে আজি ১০:৩০ বজাত প্ৰধান মন্ত্ৰী মোদীয়ে গোটেই দেশৰে ভালেমান আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, স্বাস্থ্যকৰ্মীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পোনপটীয়াভাৱে কথা পাতিব। এই ভিডিঅ’ কনফাৰেন্সিঙৰ তালিকাত দেশৰ ১৪খন জিলাৰ ভিতৰত অসমৰ ধেমাজি জিলাকো নিৰ্বাচন কৰা হৈছিল।
এই অনুষ্ঠানটো জিলা আৰু ব্লক পৰ্যায়ত সকলো কৰ্মীকে চাবলৈ আৰু ভিডিঅ’ ক’নফাৰেন্সৰ জৰিয়তে প্ৰধান মন্ত্ৰীৰ সৈতে হোৱা কথোপকথন অনুষ্ঠানত উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যন অসমৰ সঞ্চালকে।