NORTHEAST NOW (Assamese)

অসমৰ প্ৰথমখন ‘স্বচ্ছ আৰু সেউজ গাঁও’ বেলনাক প্ৰশংসা প্ৰধান মন্ত্ৰী মোদীৰ

October 10, 2019 12:02 pm · শশাংক তালুকদাৰ

ৰাজ্যৰ প্ৰথমখন স্বচ্ছ আৰু সেউজ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা বজালীৰ বেলনা গাঁৱৰ কাম-কাজক লৈ মুখ্য মন্ত্ৰী সোণোৱালে কিছুদিন পূৰ্বে টুইটাৰযোগে গাঁওবাসীক ধন্যবাদ জনোৱাৰ পাছত ৮ অক্টোবৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰযোগে বেলনা গাঁৱক প্ৰশংসা কৰিছে।

টুইটোত সোণোৱালে কৈছিল যে বৰপেটা জিলাৰ বজালীৰ বেলনা, অসমৰ প্ৰথমখন ‘স্বচ্ছ আৰু সেউজ গাঁও’। স্বচ্ছতাৰ ক্ষেত্ৰত একেলগে আগবাঢ়িছে গাঁওবাসী। বেলনাবাসীয়ে দেখুৱাই দিছে যে সন্মিলিত প্ৰচেষ্টাই প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পাৰে।

সোণোৱালৰ এই টুইটৰ পাছতে প্ৰধান মন্ত্ৰী মোদীয়ে টুইটাৰযোগে বজালীৰ বেলনাবাসীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা স্বচ্ছতা অভিযানৰ অংশ স্বৰূপে আজিৰ পৰা ডেৰ বছৰ পূৰ্বৰে পৰা অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ তথা গ্ৰীণ মিশ্যন বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰৰ তৎপৰতাত বেলনাবাসীয়ে প্লাষ্টিক বৰ্জনৰ লগতে গাঁওখন পৰিষ্কাৰ, পৰিচ্ছন্ন আৰু সেউজীয়া কৰি ৰখাৰ পণ লৈছিল।

গাঁওবাসীয়ে এবছৰ পূৰ্বৰ পৰাই গাঁওখনত নিষিদ্ধ কৰিছে এবাৰ ব্যৱহাৰৰ উপযোগী প্লাষ্টিক আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু সেৱন। তদুপৰি কোনো লোকে যদি প্লাষ্টিক ব্যৱহাৰ কৰে তেন্তে পাঁচশ টকাৰ জৰিমনা আৰু ৰাজহুৱাবাৱে নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰিলে এহাজাৰ টকাৰ জৰিমনাৰ ব্যৱস্থা কৰিছিল।

গাঁওবাসীয়ে প্লাষ্টিকৰ সামগ্ৰীৰ বিপৰীতে ব্যৱহাৰ কৰি আহিছে আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা কাগজৰ বেগ। ইয়াৰ উপৰি ৰাজহুৱা কাজ-কৰ্মত কলপাত তথা প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা সামগ্ৰীত খাদ্য পৰিৱেশন কৰাৰ লগতে ষ্টিলৰ গিলাচত পানী সেৱন কৰে।

গাঁওখনকলৈ সোণোৱাল আৰু মোদীয়ে কৰা প্ৰশংসাসূচক মন্তব্যই অনুপ্ৰাণিত কৰিছে গাঁওখনৰ প্ৰতিজন লোককে।

Related News