• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থ মেলা

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
September 23, 2020 9:56 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাৰদীয় দুৰ্গোৎসৱৰ বতৰত নিজৰ শিশুটিক “পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক” বাণীৰে ১৯৯৬ চনতে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত জন্ম লাভ কৰা অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থ মেলা বিশ্বজুৰি উদ্ভৱ হোৱা ক’ৰ’না মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবছৰৰ বাবে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যোক্তা সকলে।

ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া শিশু গ্ৰন্থ মেলাখন প্ৰথম অৱস্থাত বহু কেইজন স্থানীয় গণ্য-মান্য ব্যক্তিৰ প্ৰচেষ্টাৰ অন্তত পুৰণিগুদামস্থিত শৰ্মা বুক এম্পিয়ামে আৰম্ভ কৰিছিল যদিও ২০০৮ চনৰ পৰা গ্ৰন্থমেলা খনৰ সম্পূৰ্ণ দ্বায়িত্বভাৰ পুৰণিগুদাম প্ৰেছ ক্লাৱে শিৰ পাতি লৈ ধাৰাবাহিকভাৱে জাক-জমকতাৰ মাজেৰে অনুষ্ঠিত কৰি বৃহত্তৰ অঞ্চলটোৰ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ বাবে আৰম্ভ কৰিছিল মহৎ প্ৰচেষ্টা।

কিন্তু ক’ৰ’না সংক্ৰমণৰ আশংকা কৰি এই বছৰ গ্ৰন্থ মেলা খন অনুষ্ঠিত কৰিব পৰা নাযাব যদিও চৰকাৰী সকলো নীতি-নিৰ্দেশনা পালন কৰি ব্যতিক্ৰমী ধৰণৰে উদযাপন কৰা হ’ব শাৰদীয় শিশু গ্ৰন্থমেলাখনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানটি।

সদ্যহতে সকলো চৰকাৰী ক’ভিড প্ৰট’কল মানি চলি পুৰণিগুদাম অঞ্চলৰ কেৱল ২৫ জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ খনকৈ পতাকা দুৰ্গোৎসৱৰ আৰম্ভণিৰ দিনটোতে উত্তোলন কৰি অনুষ্টুপীয়াকৈ শুভাৰম্ভ কৰা হ’ব পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা খনৰ বছৰজোৰা ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী।

অৱশ্যে এই বছৰ শিশু গ্ৰন্থমেলাখন বাতিল কৰা হৈছে যদিও তাৰ পৰিৱৰ্তে কেৱল শিশুসকলৰ বাবে দুটা শাখাত আয়োজন কৰা হ’ব অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতা।

অ’নলাইন প্ৰতিযোগিতা খনৰ ফলাফল ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত ঘোষণা কৰা হ’ব যদিও পুৰষ্কাৰ সমূহ জয়যুক্ত হোৱা শিশু সকলৰ ঘৰে-ঘৰে গৈ প্ৰদান কৰিব প্ৰেছ ক্লাৱৰ বিশেষ প্ৰতিনিধিয়ে।

অৱশ্যে ক’ৰ’না কালৰ অন্ততহে পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ভাগ বৰ্ণাধ্য কাৰ্যসূচী মাজেৰে আয়োজন কৰা হ’ব বুলি সদৰি কৰিছে উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক তপন কটকীয়ে।

শাৰদীয় শিশু গ্ৰন্থ মেলা খনৰ সন্দৰ্ভত এই সমূহ সিদ্ধান্ত এখন সাধাৰণ সভা পতি সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰা হৈছে বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰা দেখা যায় পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াৰ লগতে সম্পাদক ধ্ৰুৱজ্যোতি গায়নে।

আনহাতে ঐতিহ্যমণ্ডিত পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা খনৰ সন্দৰ্ভত যিকোনো উৰাবাতৰিকে প্ৰশ্ৰয় নিদিবলৈও সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক আহ্বান জনাই পুৰণিগুদাম প্ৰেছ ক্লাৱৰ বিষয়ববীয়া সকলে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd