২০ দিনত পাঁচটাকৈ স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতো যোগ্যতা অৰ্জন কৰিব পৰা নাই হিমাই

ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবে মাত্ৰ কেই মাইক্ৰ’ছেকেণ্ড পিছ পৰি আছে হিমা

hima-das_

হিমা দাসৰ ফাইল ফটো

তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ সোণৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰা অসম কন্যা হিমা দাসৰ সন্মুখত আছে যথেষ্ট প্ৰত্যাহ্বান। যুৰোপৰ বিভিন্ন দেশত অনুষ্ঠিত চেম্পিয়নশ্বিপত হিমাই ২০০ আৰু ৪০০ মিটাৰ দৌৰত পদক বুটলিবলৈ সক্ষম হৈছে যদিও এই পৰ্যন্ত ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ২০০ আৰু ৪০০ মিটাৰ শাখাত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।

চেম্পিয়নশ্বিপত স্থান নিশ্চিত কৰিবলৈ হিমাৰ লগতে প্ৰশিক্ষক আৰু টিম মেনেজমেণ্টে যথেষ্ট মনোনিৱেশ কৰি থকা বুলি জানিব পৰা গৈছে। ২০০ মিটাৰৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ পৰা মাত্ৰ কেই মাইক্ৰ’ছেকেণ্ডমান পিছ পৰি আছে হিমা। কিন্তু চিন্তনীয় বিষয় ৪০০ মিটাৰ।

প্ৰতিযোগিতাখনৰ ২০০ মিটাৰ শাখাত স্থান নিশ্চিত কৰাৰ বাবে যোগ্যতা নিৰ্ধাৰণকাৰী সময় হৈছে ২৩.২০ ছেকেণ্ড। এইটো শাখাত হিমাৰ শেহতীয়া সময় হৈছে ২৩.২৫ ছেকেণ্ড।

আনহাতে ৪০০ মিটাৰৰ যোগ্যতা নিৰ্ধাৰণকাৰী সময় হৈছে ৫১.৮০। আৰু হিমাৰ শেহতীয়া সময় হৈছে ৫২.০৯ ছেকেণ্ড। অৱশ্যে জাকাৰ্টা এছিয়ান গেইমছত ৫০.৭৯ ছেকেণ্ডেৰে দখল কৰিছিল ৰূপৰ পদক। সেয়া আছিল হিমাৰ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। যদিহে সেই সময়লৈ পুনৰ ঘূৰি আহিব পাৰে তেন্তে প্ৰতিযোগিতাখনত হিমাৰ স্থান নিশ্চিত।

ৱৰ্ল্ড এথলেটিক চেম্পিয়নশ্বিপৰ ২০০ মিটাৰ শাখাত যোগ্যতা অৰ্জনৰ বাবে মাত্ৰ ৫ মাইক্ৰ’ছেকেণ্ড পিছ পৰি থকা হিমাই অতি শীঘ্ৰে সেই মান অতিক্ৰম কৰি প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি দলীয়া মেনেজমেণ্টে আশা প্ৰকাশ কৰিছে।

অহা ২৮ ছেপ্তেম্বৰৰ পৰা দোহাত অনুষ্ঠিত হ’ব লগীয়া চেম্পিয়নশ্বিপখনত ২০০ মিটাৰৰ উপৰি ৪০০ মিটাৰতো অসমৰ স্প্ৰিণ্টাৰ গৰাকীয়ে অনায়াসে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি গভীৰ আত্মবিশ্বাসী দলীয় মেনেজমেণ্ট।

উল্লেখ্য যে দোহা ৱৰ্ল্ড এথলেটিক চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জনৰ শেষ সময়সীমা হৈছে ৬ ছেপ্তেম্বৰ। নিৰ্ধাৰিত সময়লৈ এতিয়াও হিমাৰ হাতত আছে ৪৫ দিন আৰু দুখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা।