১২৬ খন আসনবিশিষ্ট পঞ্চদশ অসম বিধানসভালৈ কেইগৰাকী মহিলা জনপ্ৰতিনিধি নিৰ্বাচিত হৈছে ?

wc

সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ অন্তত এক উদ্বেগজনক ছবিয়ে সচেতন মহলক হতাশ কৰি তোলা দেখা গৈছে।

১২৬ খন আসনবিশিষ্ট অসম বিধানসভালৈ এইবাৰ মাত্ৰ ৬ গৰাকী মহিলাহে নিৰ্বাচিত হৈছে।

যি সময়ত মহিলাৰ ৰাজনৈতিক প্ৰতিনিধিত্ব সুনিশ্চিত কৰিবলৈ ৩৩ শতাংশ আসন সৰংক্ষণৰ বাবে দাবী উত্থাপন হৈ আহিছে সেই সময়ত অসম বিধানসভাত মহিলাৰ প্ৰতিনিধিত্বৰ হাৰ ৪.৭ শতাংশলৈ নিম্নগামী হৈছে।

স্মৰ্তব্য যে বিগত চতুৰ্দশৰ বিধানসভাতো মহিলাৰ প্ৰতিনিধিৰ সংখ্যা সন্তোষজনক নাছিল। সেইবাৰ ৯১ গৰাকী মহিলাৰ প্ৰাৰ্থীৰ মাজৰ পৰা মাত্ৰ ৮ গৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচিত হৈছিল। যাৰ শতকৰা হাৰ আছিল মাত্ৰ ৬.৩ শতাংশ।

উল্লেখ্য যে এইবাৰ বিধানসভা নিৰ্বাচনতো ৰাজনৈতিক দলসমূহে মহিলাক প্ৰাৰ্থী দিয়াত কৃপনালি কৰা দেখা গৈছিল। ১২৬ টা সমষ্টিৰ ৯৬৪ গৰাকী প্ৰাৰ্থীৰ মাজত মাত্ৰ ৭৪ গৰাকী মহিলা প্ৰাৰ্থী আছিল, যাৰ শতকৰা হাৰ মাত্ৰ ৭.৮ শতাংশহে আছিল।

এইবাৰ ৭৪ গৰাকী মহিলা প্ৰাৰ্থীৰ মাজৰ পৰা যি ৬ গৰাকী মহিলা প্ৰাৰ্থী জয়ী হ’বলৈ সক্ষম হৈছে তেওঁলোকৰ তাৰ ভিতৰত মিত্ৰজোঁট বিজেপিৰ তিনিগৰাকী আৰু অসম গণ পৰিষদৰ এগৰাকী আনহাতে বিৰোধী দল কংগ্ৰেছৰ ২ গৰাকী মহিলা প্ৰাৰ্থী আছে।

স্মৰ্তব্য যে ২০০১ বৰ্ষত ১১.১ শতাংশ হাৰেৰে ৮৫ গৰাকী মহিলা প্ৰাৰ্থীৰ মাজৰ পৰা ১৪ গৰাকী মহিলা প্ৰাৰ্থী বিধানসভালৈ নিৰ্বাচিত হৈছিল।

এইবাৰ নিৰ্বাচিত মহিলা জনপ্ৰতিনিধিসকল হৈছে ক্ৰমে বিজেপিৰ অজন্তা নেওগ, সুমন হৰিপ্ৰিয়া আৰু নন্দিতা গাৰ্লোচা, অগপৰ ৰেণুপমা ৰাজখোৱা আৰু কংগ্ৰেছৰ নন্দিতা দাস আৰু শিৱামনি বৰা।

চতুৰ্থবাৰৰ বাবে বিজয়ী হোৱা পূৰ্বৰ কংগ্ৰেছ নেত্ৰী তথা মন্ত্ৰী অজন্তা নেওগে পুনৰবাৰ গোলাঘাট সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়াক ৯,৩২৫ টা ভোটৰ ব্যৱধান পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে।

উল্লেখ্য যে কংগ্ৰেছ আমোলৰ মন্ত্ৰী অজন্তা নেওগৰ স্বামী তথা কংগ্ৰেছী মন্ত্ৰী নগেন নেওগক ১৯৯৬ চনত আলফাই হত্যা কৰিছিল। ইয়াৰ পিছতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অজন্তা নেওক ৰাজনীতিলৈ আনিছিল।

বিজেপিৰ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়া দ্বিতীয়বাৰৰ বাবে হাজো সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছে। সুমন হৰিপ্ৰিয়াই নিকটতম প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ দুলু আহমেদক ১৪,৩৬৪ টা ভোটত পৰাস্ত কৰিছে।

আনগৰাকী বিজেপিৰ মহিলা বিজয়ী প্ৰাৰ্থী হৈছে নন্দিতা গাৰ্লোচা। হাফলং(জনজাতি) বিধানসভা সমষ্টিৰ পৰা নিকটম প্ৰাৰ্থী কংগ্ৰেছৰ নিৰ্মল লাংথাছাক ১৮,৫৯৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নন্দিতা গাৰ্লোচা পঞ্চদশ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে।

টীয়কৰ পৰা অগপৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাই কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈক মাত্ৰ ১,৩৫০ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি পুনৰবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে।

ইফালে বকো(অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰ বাবে নিৰ্বাচিত হৈছে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস।

বটদ্ৰৱা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাক ৩২,৮২০ টা ভোটত পৰাস্ত কৰি বিজয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰা। শিৱামনি বৰা হৈছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক কিৰণ বৰাৰ কন্যা।

উল্লেখ্য যে অসম বিধানসভালৈ দীৰ্ঘদিন ধৰি নিৰ্বাচিত হৈ অহা বিপিএফ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই এইবাৰ কোকৰাঝাৰ পশ্চিম সমষ্টিত ২০ হাজাৰো অধিক ভোটত পৰাজয় বৰণ কৰে।