NORTHEAST NOW (Assamese)

ৰাজ্যৰ ৫৫৩খন হাইস্কুলত প্ৰধান শিক্ষক নিযুক্তি; নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত সহ শিক্ষকৰ চৰকাৰলৈ আৱেদন

September 26, 2018 11:09 am · এন ই নাও নিউজ
Updated: September 26, 2018 11:13 am
শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। ফাইল ফটো।

ৰাজ্যত মুঠ ৫৫৩খন হাইস্কুলত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদত অভিজ্ঞ আৰু উপযুক্ত শিক্ষকক নিযুক্তি দিয়াৰ যো-জা চলাইছে। এই সকলোবোৰ পদ নতুনকৈ চৰকাৰে অলপতে ঘোষণা কৰা নীতিৰ আধাৰত পূৰণ কৰা হ’ব। অৰ্থাৎ এইবোৰ পদত সংশ্লিষ্ট বিদ্যালয়খনৰে কোনো জ্যেষ্ঠ শিক্ষকক নিযুক্তি দিয়াৰ পৰিৱৰ্তে আন বিদ্যালয়ৰ যোগ্য শিক্ষকক নিযুক্তি দিয়া হ’ব।

ইয়াৰ বাবে ইতিমধ্যে চৰকাৰৰ শিক্ষা বিভাগে বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যোৱা ১৩ জুলাইৰ পৰা চলি থকা এই প্ৰক্ৰিয়াটো অহা ২৯ ছেপ্তেম্বৰলৈকে চলিব। ইয়াৰ বাবে মাধ্যমিক শিক্ষাৰ যুটীয়া সচিব এছ এন চৌধুৰীক অধ্যক্ষ হিচাপে প্ৰধান শিক্ষক বাছনিৰ বাবে এখন কমিটী গঠন কৰি লোৱা হৈছে। প্ৰধান শিক্ষকৰ পদৰ বাবে নিম্নতম যোগ্যতা ১০ বছৰ সহ শিক্ষক হিচাপে থকা অভিজ্ঞতা আৰু বি এড ডিগ্ৰী নিৰ্ধাৰণ কৰিছে কমিটিয়ে।

এইখিনিতে চৰকাৰে প্ৰধান শিক্ষক নিযুক্তিৰ বাবে লোৱা সময়ক লৈ আপত্তি দৰ্শাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি ইতিপূৰ্বে পৰীক্ষাত অৱতীৰ্ণ হোৱা এচাম সহ শিক্ষকে। এওঁলোকে চৰকাৰক এই প্ৰক্ৰিয়াটো বিশ্ববিদ্যালয়খনে পৰীক্ষাৰ ফল ঘোষণা কৰালৈকে পিছুৱাই দিবলৈ অনুৰোধ জনাইছে। অথবা তেওঁলোককো এই বাছনি প্ৰক্ৰিয়াত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়াৰ আহ্বান জনাইছে।

এই সহ শিক্ষকসকলে নিজৰ যুক্তি দাঙি ধৰি কয় যে তেওঁলোকেও প্ৰধান শিক্ষক হোৱাৰ মানসেৰে বি এড পৰীক্ষাত অৱতীৰ্ণ হৈছে। কিন্তু তেওঁলোকৰ সৈতে একে শিক্ষাবৰ্ষতে (২০১৬-১৮) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি এড পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষকসকলে এই বাছনি প্ৰক্ৰিয়াত প্ৰাৰ্থিত্ব আগ বঢ়োৱাৰ সুযোগ পালে। কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত হোৱা এই পৰীক্ষাৰ ফল আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বেই দিলে। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষাৰ ফলাফল দিয়া নাই।

এনেস্থলত একেটা শিক্ষাবৰ্ষতে অধ্যয়ন কৰা একাংশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক সূচীৰ ইফাল-সিফাল হোৱা বাবেই বঞ্চিত হ’ব। গতিকে তেওঁলোকে চৰকাৰক উপৰোক্ত দুটা বিকল্পৰ মাজত কোনো এটাৰ জৰিয়তে তেওঁলোকক সুযোগ দিবলৈ অনুৰোধ কৰিছে।

Related News