স্বাধীনতা দিৱসৰ দিনাই অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰক : আছু

ফটো নৰ্থ-ইষ্ট নাও

স্বাধীনতা দিৱসৰ দিনাই অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।

আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই আজি গুৱাহাটীৰ উজানবজাৰস্থিত চহিদ ন্যাসত এক সংবাদমেল সম্বোধন কৰি কয়, ‘১৯৮৫ চনতে ইন্দিৰা গান্ধীয়ে দিল্লীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অসম চুক্তি সম্পাদিত হোৱাৰ কথা ঘোষণা কৰিছিল। সেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত কাইলৈ দেশৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীয়ে অসম চুক্তিৰ প্ৰত্যেকটো দফা কিমান দিনৰ ভিতৰত কাৰ্য্যকৰী হ’ব, সেই সম্পৰ্কত সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰিবলৈ আহ্বান জনাইছো।‘

তদুপৰি, চুক্তি সম্পাদিত হোৱা আজিৰ এই দিনটোতে অসম আন্দোলনৰ জাতীয় চহিদসকলক শ্ৰদ্ধাঞ্জলি জনাই তেওঁ কয় ‘চহিদৰ ত্যাগক অথলে যাব দিব নোৱাৰি। চৰকাৰক ক’ব খোজো অসম চুক্তিৰ প্ৰত্যেক দফা কাৰ্য্যকৰী কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্য্যসূচী ঘোষণা কৰক।‘

ভট্টাচাৰ্য্যৰ মতে, চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতো দিল্লী-দিচপুৰৰ কোনো এখন চৰকাৰেই অসম চুক্তিৰ দফাসমূহ কাৰ্য্যকৰী কৰিবলৈ কোনো পদক্ষেপ হাতত লোৱা নাই।

‘যোৱা ৩৪ বছৰে সকলো দলৰে চৰকাৰ শাসনত আছিল। কিন্তু কোনো দলৰ চৰকাৰেই জলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থানীয় সমাধান কৰাৰ বাবে পদক্ষেপ নল’লে। বিদেশী চিনাক্তকৰণ নহ’ল, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন নহ’ল, বহিস্কাৰ নহ’ল। বাংলাদেশী অহা বাটটো ভাৰত-বাংলাদেশ সীমান্ত চীল নহ’ল। অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ প্ৰদান কৰা নহ’ল। অসমৰ বাবে অৰ্থনৈতিক বিকাশৰ ব্যৱস্থা লোৱা নহ’ল। জনজাতীয় বেল্ট-ব্লক সত্ৰৰ মাটি সুৰক্ষিত নহ’ল। আনকি অশোক কাগজকলটোও মুকলি কৰা নহ’ল। এইটোৱেই বাস্তৱ প্ৰতিচ্ছবি।‘ ভট্টাচাৰ্য্যৰ মত।

ইপিনে, অসম চুক্তিৰ ‘ফল’ অসমৰ ৰাইজে বৰ্তমানলৈকে লাভ কৰা নাই বুলি উল্লেখ কৰি ভট্টাচাৰ্য্যৰ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন ‘অসম চুক্তি ঐতিহাসিক চুক্তি আৰু এক ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি, আৰু কিমান দিন ৰ’ম? ৩৪ বছৰে আমি ৰ’লো, ফল পাবলৈ আৰু কিমান দিন ৰ’ব লাগিব?’

‘আশ্বাস প্ৰতিশ্ৰুতিয়ে আমাক আশ্বস্ত কৰিব নোৱাৰে।‘ ভট্টাচাৰ্য্যই এইদৰে কয়।