NORTHEAST NOW (Assamese)

নাও দুৰ্ঘটনাৰ পিছতে ব্ৰহ্মপুত্ৰত বন্ধ ভটভটী; আৰম্ভ এ এছ টি চিৰ বাছ সেৱা

September 6, 2018 1:00 pm · এন ই নাও নিউজ
প্ৰতীকী ছবি।

আজি পুৱাৰে পৰা উত্তৰ গুৱাহাটীত আগে কাহানিও নেদেখা এক দৃশ্য দেখিবলৈ পোৱা যায়। উত্তৰ গুৱাহাটীৰ ৰাজপথত আজি অসম পৰিবহণ নিগমৰ বাছৰ লানি নিছিগা ভিৰ।

উল্লেখযোগ্য যে কালি ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতে তৎপৰ হৈ পৰা প্ৰশাসনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ভটভটী চলাচলত নিষেধাজ্ঞা জাৰি কৰাত আজি এইদৰে উত্তৰ গুৱাহাটীত এ এছ টি চি বাছে ভিৰ কৰে।

কালিৰ দুৰ্ঘটনাৰ পিছতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰিয়ে এক বিজ্ঞপ্তি যোগে উক্ত নিষেধাজ্ঞা জাৰি কৰে। যাৰ ফলত বাৰিষা কালছোৱাত ভটভটীৰ চলাচল বন্ধ থাকিব।

আনহাতে অহা মাহৰ পৰা ব্ৰহ্মপুত্ৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰীৰ সুবিধাৰ বাবে ৩খন নতুন ফেৰীৰ চলাচল আৰম্ভ কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে বিজ্ঞপ্তিটোত সদৰী কৰে।

Related News