ঘণ্টাত ৫৬ হাজাৰ কিলোমিটাৰ গতিবেগেৰে পৃথিৱী অভিমুখে আহি আছে এটি গ্ৰহাণু, জনালে নাছাই

asteroid

দুৰন্ত গতিৰে পৃথিৱী অভিমুখে ধাৱমান হৈ আছে এটি বিশাল আকৃতিৰ গ্ৰহাণু।

গ্ৰহাণুটোৱে অহা দেওবাৰ অৰ্থাৎ ২৯ নৱেম্বৰৰ দিনা পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব।

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰহাণুটোৱে ঘণ্টাত ৫৬ হাজাৰ কিলোমিটাৰ গতিবেগেৰে পৃথিৱীৰ দিশে আহি আছে।

পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাবলগীয়া গ্ৰহাণুটোৰ নাম হৈছে 153201 2000 WO107।

গ্ৰহাণুটো ডুবাইত থকা বিশ্বৰ উচ্চতম অট্টালিকা বূৰ্জ খলিফাৰ সমান আকৃতিৰ বুলি ধাৰণা কৰা হৈছে।

নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা তেনেই ক্ষীণ।

পৃথিৱীৰ পৰা ৪ লাখ ৫ হাজাৰ ৭৭৫ কিলোমিটাৰ নিলগেৰে গ্ৰহাণুটো পাৰ হৈ যাব বুলি নাছাই প্ৰকাশ কৰিছে।

অহা দেওবাৰে  ভাৰতীয় সময় অনুসৰি নিশা ১ বাজি ৮ মিনিটত গ্ৰহাণুটোৱে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব।

২০০০ চনৰ ২৯ নৱেম্বৰৰ দিনা নিউ মেক্সিকোৰ এদল বিজ্ঞানীয়ে এই বৃহদাকাৰ গ্ৰহাণুটো আবিষ্কাৰ কৰিছিল।

আকাৰত বিশাল হোৱাৰ বাবেই বিজ্ঞানীসকলে গ্ৰহাণুটোৰ ওপৰত চকু ৰাখি আহিছে।

উল্লেখ্য গ্ৰহাণুৰ খুন্দাতে বিশ্বত এতিয়ালৈকে বহু পৰিৱৰ্তন সাধিত হৈছে।

একাংশ বিজ্ঞানীৰ মতে গ্ৰহাণুৰ খুন্দাতে পৃথিৱীৰ পৰা এটা সময়ত হেৰাই গৈছিল বিশাল দেহৰ ডাইন’চৰবোৰ।