সত্য নষ্ট্রাডামুছৰ ভৱিষ্যৎবাণী! : পৃথিৱীৰ দিশে আহি আছে আইফেল টাৱাৰতকৈ বৃহৎ কেবাটাও গ্ৰহাণু

Asteroid

প্ৰখ্যাত ফৰাচী জ্যোতিবিদ নষ্ট্ৰাডামুছৰ ভৱিষ্যৎবাণী পুনৰ এবাৰ শুদ্ধ প্ৰমাণিত হ’বলৈ গৈ আছে!

ফৰাচী জ্যোতিবিদজনে ভৱিষ্যৎবাণী কৰিছিল যে ২০২১ বৰ্ষৰ আৰম্ভণিতে আইফেল টাৱাৰ সমান আকৃতিৰ গ্ৰহাণুৱে পৃথিৱীৰ দিশে আগুৱাই আহিব।

এই ভৱিষ্যৎবাণীৰ সত্যতা প্ৰমাণ কৰি বুধবাৰে অৰ্থাৎ ৬ জানুৱাৰী ২০২১ত আইফেল টাৱাৰতকৈ আকাৰত ০.৮৩ গুণ ডাঙৰ এক ৩৪০ মিটাৰ ব্যাসাৰ্ধৰ 2021CO247 নামৰ গ্ৰহাণুৱে পৃথিৱীৰ দিশে আগুৱাই আহিছে।

আনহাতে কেৱল এইটো গ্ৰহাণুৱেই পৃথিৱী দিশে আগুৱাই অহা নাই। 2021CO247 তকৈ আকাৰত ডাঙৰ এটা আৰু তাতকৈ সৰু অন্য তিনিটা গ্ৰহাণুও পৃথিৱীৰ দিশে আগুৱাই আহিছে বুলি প্ৰকাশ কৰিছে ‘চেণ্ট্ৰেল ফৰ নিয়েৰ আৰ্থ অৱজেক্ট ষ্টাডিজ’এ।

পৃথিৱীৰ দিশে আগুৱাই অহা এই গ্ৰহাণুকেইটাই পৃথিৱীক আঘাত কৰাৰ আশংকা আছে নেকি? এই প্ৰশ্নও উদয় হৈছে বিশ্ববাসীৰ।অৱশ্যে NASAৰ মতে এই গ্ৰহাণুকেইটাই পৃথিৱীৰে সংঘৰ্ষ কৰাৰ কোনো সম্ভাৱনা নাই।

NASAএ জনাইছে যে আকাৰত বৃহৎ বা ক্ষুদ্ৰই হওক এই গ্ৰহাণুসমূহ পৃথিৱীৰ পৰা নিৰাপদ দূৰত্বৰ পৰাই আঁতৰি যাব। সেয়ে পৃথিৱীত আঘাত কৰাৰ কোনো সম্ভাৱনা নাই তথা বিশ্ববাসী শংকিত হোৱাৰো প্ৰয়োজন নাই।

প্ৰণিধানযোগ্য যে ফৰাচী জ্যোতিবিদ নষ্ট্রাডামুছে ৬,৩৩৮ টা ভৱিষ্যৎবাণী আগবঢ়ায় গৈছিল। ইয়াৰে ৩৭৯৭ টা ভৱিষ্যৎবাণী ইতিমধ্যে সত্যৰূপে প্ৰমাণিত হৈছে।