NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় বিজ্ঞান মেলাত দেশৰ ভিতৰত প্ৰথম স্থান লাভ বিলাসীপাৰাৰ আস্থা ভৰদ্বাজৰ

November 23, 2018 10:24 am · এন ই নাও নিউজ
ৰাষ্ট্ৰীয় বিজ্ঞান মেলাত দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা বিলাসীপাৰাৰ আস্থা ভৰদ্বাজ।

উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বিজ্ঞান মেলাত অংশগ্ৰহণ কৰি বিলাসীপাৰাৰ আস্থা ভৰদ্বাজে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা গৰাকীৰ এই সাফল্যত বিলাসীপাৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।

যোৱা ১৭ নৱেম্বৰত কটকত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান মেলাত আস্থা ভৰদ্বাজে উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি বিজ্ঞান পত্ৰ বাচন প্ৰতিযোগিতাত ‘’ভাৰতৰ উপগ্ৰহ উৎক্ষেপনত অৱদান’’ শীৰ্ষক আলোচনা আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাকামাৰ ধ্ৰুৱ ৰঞ্জন চক্ৰৱৰ্তী আৰু ভনীতা চক্ৰৱৰ্তীৰ কন্যা আস্থা বিলাসীপাৰা শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী। ৰাষ্ট্ৰীয় বিজ্ঞান মেলাত প্ৰথম স্থান লাভেৰে গৌৰৱ কঢ়িয়াই অনা আস্থাই বৃহস্পতিবাৰে আহি স্বগৃহত উপস্থিত হোৱাৰ পাছতে বিভিন্ন দল-সংগঠনে উপস্থিত হৈ প্ৰতিভাৱান ছাত্ৰী গৰাকীক আদৰণি জনায়।

বিলাসীপাৰা প্ৰেছ ক্লাৱৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠনৰ নেতৃত্বই আস্থাৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা, জাপি আদিৰে ছাত্ৰী গৰাকীক সম্বৰ্দ্ধনা জনায়। তদুপৰি আস্থাৰ ঘৰত উপস্থিত হৈ বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক সিংঘীয়েও অসম কন্যা গৰাকীৰ সাফল্যৰ বাবে অভিনন্দন জনায়।

ৰাষ্ট্ৰীয় পৰ্যায়ত স্বমহিমাৰে উজলি উঠা আস্থা ভৰদ্বাজে ভৱিষ্যতে বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ হেঁপাহ মনত পুহি ৰাখিছে। আস্থাৰ এই জয়যাত্ৰা অব্যাহত থকাৰ কামনা কৰিছে শুভাকাংখী সকলে।

Related News