NORTHEAST NOW (Assamese)

ইতিহাস ৰচনা কৰি আন্তৰ্জাতিক মহাকাশ আস্থানলৈ যাব প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা মহাকাশচাৰী

August 27, 2020 4:25 pm · এন ই নাও নিউজ

শ্বেতাংগ-কৃষ্ণাংগৰ যুঁজখন আমেৰিকাত ক্ৰমাৎ শক্তিশালী হৈ উঠাৰ সময়তে এগৰাকী কৃষ্ণাংগ মহিলাই প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক মহাকাশ আস্থানলৈ যাত্ৰা কৰিব ওলোৱাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

আমেৰিকাৰ কৃষ্ণাংগ মহিলা জেনেট ইপছ শেহতীয়াকৈ নিৰ্বাচিত হৈছে মাৰ্কিন মহাকাশ সংস্থা নাছাৰ এক অভিযানৰ বাবে।

২০২১ চনত নাছাই আন্তৰ্জাতিক মহাকাশ আস্থানলৈ প্ৰেৰণ কৰিবলগীয়া তিনিজনীয়া মহাকাশচাৰীৰ দলটোত প্ৰথম বাৰৰ বাবে স্থান লাভ কৰিছে কৃষ্ণাংগ মহিলা জেনেটে।

এই মহাকাশ অভিযানত জেনেটৰ সতীৰ্থ হ’ব ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ লগতে আন এগৰাকী মহাকাশচাৰী জোছ কাছাবা।

ব’য়িং চি এছ টি ১০০ ষ্টাৰ লাইনাৰ মহাকাশ যানেৰে আন্তৰ্জাতিক মহাকাশ আস্থানলৈ যাবলগীয়া জেনেট আৰু আন মহাকাশচাৰী সকলে সুদীৰ্ঘ ছমাহ কাল উক্ত আস্থানতে কটাই পুনৰ পৃথিৱীলৈ উভতি আহিব।

আন্তৰ্জাতিক মহাকাশ আস্থানলৈ ইয়াৰ পূৰ্বে বহু মহাকাশচাৰীয়ে গৈছে যদিও কোনো কৃষ্ণাংগ লোকে এই অভিযানত অংশগ্ৰহণৰ সুযোগ পোৱা নাছিল।

প্ৰথমবাৰৰ বাবে মহাকাশ অভিযানৰ সুযোগ পোৱা জেনেটক তেওঁৰ সহযোগী সুনীতা উইলিয়ামছ আৰু কাছাবাই অভিনন্দন জনাইছে।

১৯৯২ চনত নিউয়ৰ্কৰ লেমইন কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা জেনেটে ২০১৮ চনত ৰাছিয়াৰ ছয়ুজ অভিযানৰ বাবেও নিৰ্বাচিত হৈছিল যদিও শেষ মুহূৰ্তত তেওঁৰ নাম অজ্ঞাত কাৰণত বাদ পৰিছিল।

Related News