• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আদালতৰ নিৰ্দেশ : ASTU ৰ অধীনতে থাকিব অসমৰ পাঁচখন কাৰিকৰী মহাবিদ্যালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 21, 2018 10:59 pm

2 min read

ASTU
243
VIEWS
Share on FacebookShare on Twitter

এটা উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ স্থিতিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অচিন্ত্যমল্ল বুজৰবৰুৱাৰ আদালতে অসমৰ পাঁচখন কাৰিকৰী মহাবিদ্যালয় (engineering college)ক আছাম ছায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিৰ অধীনৰ স্বীকৃত অনুষ্ঠান হিচাপে ৰখাৰ বিৰোধিতা কৰি দাখিল কৰা লেখ আৱেদনখন খাৰিজ কৰিছে। আদালতে ইয়াক ‘যোগ্যতাহীন’ বুলি ঘোষণা কৰিছে।

ইয়াৰ ফলত এই কাৰিকৰী মহাবিদ্যালয় (engineering college)কেইখন এতিয়া আছাম ছায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিৰ অধীনৰ স্বীকৃত অনুষ্ঠান হৈ থাকিব। ইয়াৰ ভিতৰত আছে- অসম ইঞ্জিনীয়াৰিং মহাবিদ্যালয়, গুৱাহাটী, যোৰহাট ইঞ্জিনীয়াৰিং মহাবিদ্যালয়, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনীয়াৰিং মহাবিদ্যালয়, যোৰহাট ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন’লজি আৰু বৰাক ভেলি ইঞ্জিনীয়াৰিং মহাবিদ্যালয়।

লেখ আবেদনখন খাৰিজ কৰা নিৰ্দেশটোত আদালতে কয় যে আছাম ছায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটি বা চমুকৈ ASTU ৰ অধীনত স্বীকৃত হ’বৰ বাবে এখন কলেজৰ গভৰ্নিং ব’ডি থকাটো বাধ্যতামূলক নহয়।

উল্লেখযোগ্য যে এই কাৰিকৰী মহাবিদ্যালয়কেইখনক গুৱাহাটী আৰু ডিব্ৰুগড় মহাবিদ্যালয়ৰ অধীন অনুষ্ঠান হিচাপে ৰখা হৈছিল যদিও চৰকাৰে যোৱা বছৰ ASTU ৰ অধীনলৈ আনিছিল।

ইয়াৰ বিৰুদ্ধে অনুষ্ঠানকেইটাৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যাপক প্ৰতিবাদ কৰাৰ লগতে কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আদালতত এই আবেদন উত্থাপন কৰিছিল।

আনহাতে চলিত শিক্ষাবৰ্ষৰ প্ৰথম ষাণ্মাষিকৰ পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয়ে পতা নাছিল। এতিয়া আদালতৰ এই নিৰ্দেশমতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা উত্তৰ বহীবোৰ ASTU এ চমজি ল’ব লাগিব বুলি জানিব পৰা গৈছে। লগতে এই মহাবিদ্যালয়বিলাকে যাতে NBA ৰ উচ্চ মানসম্পন্ন অধিস্বীকৃতি (accreditation) লাভ কৰাৰ ব্যৱস্থা কৰা হয় তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আদালতে।

জানিব পৰা মতে এনে ধৰণৰ অধিস্বীকৃতি (accreditation) থকা অসমৰ দুটা প্ৰতিষ্ঠান হ’ল গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট (GIMT)  আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মেচিউটিকেল ছায়েন্স (GIPS)। এই দুয়োটা প্ৰতিষ্ঠানেই ASTUৰ অধীনত স্বীকৃতিপ্ৰাপ্ত।

 

Recent News

Krishnai

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

CM

মুছলমানৰ জনসংখ্যাতকৈ অধিক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে চৰকাৰে; যোগী আদিত্যনাথৰ বিতৰ্কিত মন্তব্য

img_6353

ম্যানমাৰ সামৰিক অভ্যুত্থান : ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ; মৃত্যু ৩৮ গৰাকী, গ্ৰেপ্তাৰ বহু প্ৰতিবাদকাৰীক

Screenshot_20210304-075947~2

শ’লঠেকত অতুল বৰা! : বোকাখাত বিজেপিত দলীয় বিদ্ৰোহ; উত্তাল বোকাখাত বাজপেয়ী ভৱন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd