শংকাৰ মাজত আই পি এল ২০২০; চেন্নাই চুপাৰ কিংগছৰ খেলুৱৈ-চাপোৰ্ট ষ্টাফ ক’ৰ’না প’জিটিভ

২০২০ বৰ্ষৰ আই পি এলত অংশগ্ৰহণ কৰাৰ বাবে আই পি এলৰ দল সমূহ ভাৰতৰ পৰা গৈ উই এ ইত উপস্থিত হোৱাৰ পাছতে চেন্নাই চুপাৰ কিংগছৰ ১০-১১ গৰাকী চাপোৰ্ট ষ্টাফ আৰু এগৰাকী খেলুৱৈ ক’ৰ’না প’জিটিভ হোৱা বাতৰিয়ে সমগ্ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আশংকাৰ সৃষ্টি কৰিছে।

শুকুৰবাৰে চেন্নাই চুপাৰ কিংগছৰ প্ৰতিনিধি সকল ক’ৰ’না প’জিটিভ হোৱা বুলি বি চি চি আইয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে যদিও এতিয়ালৈ তেওঁলোকৰ নাম প্ৰকাশ কৰা নায়।

উল্লেখযোগ্য যে, ডুবাইলৈ উৰা মৰাৰ পূৰ্বে সকলো খেলুৱৈ আৰু কৰ্মকৰ্তাৰ ক’ৰ’না পৰীক্ষা কৰা হৈছিল আৰু ডুবাই বিমান বন্দৰতো সকলো লোকৰ ক’ৰ’না পৰীক্ষা কৰা হৈছিল।

পৰৱৰ্তী সময়ত হোটেলত খেলুৱৈ আৰু অন্যান্য ষ্টাফ সকল কোৱাৰেণ্টাইন হৈ থকা সময়ত কৰা ক’ৰ’নাৰ পৰীক্ষাত চেন্নাই চুপাৰ কিংগছৰ শিৱিৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰে।

উল্লেখযোগ্য যে, চেন্নাই চুপাৰ কিংগছে উই এ ইত উপস্থিত হোৱাৰ পাছত বি চি চি আইক পুনৰ কোৱাৰেণ্টাইনৰ সময় এসপ্তাহ বৃদ্ধি কৰাৰ বাবে আবেদন জনোৱাৰ পাছতে অন্যান্য দলে এই সম্বন্ধে শংকা ব্যক্ত কৰিছিল।

চেন্নাই চুপাৰ কিংগছে উই এ ইলৈ উৰা মৰাৰ পূৰ্বে চেন্নাইত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি শিবিৰতে তেওঁলোকৰ দলীয় প্ৰতিনিধি সকল ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল বুলি ভবা হৈছে যদিও ডুবাইলৈ উৰা মৰাৰ পূৰ্বে তেওঁলোকৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা দিয়া নাছিল।