NORTHEAST NOW (Assamese)

মৰ্মান্তিক ঘটনা! মাদাগাস্কাৰৰ ষ্টেডিয়ামত খেলৰ উদ্বোধনী অনুষ্ঠানত পদপিষ্ট হৈ ১২ জনৰ মৃত্যু

August 26, 2023 1:32 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

মাদাগাস্কাৰৰ নেচনেল ষ্টেডিয়ামত হোৱা পদপিষ্টৰ ঘটনাত ১২ জন লোকৰ মৃত্যু হৈছে। এই ঘটনাত আন কমেও ৮০জন লোক আহত হয়।

শুকুৰবাৰে দেশখনৰ বাৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰায় ৫০ হাজাৰ দৰ্শক ষ্টেডিয়ামলৈ আহিছিল।

লগতে পঢ়ক: ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ১০ জন যাত্ৰীৰ মৃত্যু,গুৰুতৰভাৱে আহত ২০ জন

উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা দেশৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্টিয়ান এন্টছে আন্টানানাৰিভ’ৰ স্থানীয় চিকিৎসালয়ত সাংবাদিকৰ আগত কয় যে, “এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হৈছে। আন প্ৰায় ৮০ জন লোক আহত হৈছে।”

এই কাণ্ডৰ পিছত টেলিভিছনযোগে দিয়া ভাষণত মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰাজোয়েলিনাই কয় যে, “ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত হোৱা ঠেলাঠেলিৰ ফলত এই মৰ্মান্তিক কাণ্ড সংঘটিত হৈছে।”

ইণ্ডিয়ান অ’চেন আইলেণ্ড গেমছ হৈছে বহু খেলৰ সন্মিলিত প্ৰতিযোগিতা। অহা ৩ ছেপ্টেম্বৰলৈকে মাদাগাস্কাৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

লগতে পঢ়ক: পাহাৰীয়া পথত নিয়ন্ত্ৰণ হেৰুৱাই ২৫ ফুট তলত পৰিল জীপ; কমেও ৯ জন লোকৰ মৃত্যু

ইয়াৰ পূৰ্বে ২০১৯ চনত দেশৰ মহামসিনা ষ্টেডিয়ামতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। সেই সময়ত কমেও ১৫ জন লোকৰ মৃত্যু হৈছিল।

Related News