• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজ নিশা ভয়াবহ পথ দুৰ্ঘটনা; কমেও ১২ জন লোকৰ মৃত্যু, আহত কমেও ২৩ জন

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 15, 2023 12:27 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

515
VIEWS
Share on FacebookShare on Twitter

মাজনিশা মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। মিনিবাছ আৰু কণ্টেইনাৰ সংঘৰ্ষত কমেও ১২ জন লোকৰ মৃত্যু। আহত হয় আন কমেও ২৩জন লোক।

মহাৰাষ্ট্ৰৰ ছত্ৰপতি শম্ভাজিনগৰ জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে মাজনিশা ছত্ৰপতি শম্ভাজিনগৰ জিলাৰ সমৃদ্ধি এক্সপ্ৰেছৱে’ত এখন মিনিবাছে থিয় হৈ থকা কণ্টেইনাৰত খুন্দা মাৰে।

দুৰ্ঘটনাত মিনি বাছৰ সন্মুখৰ ফালটো চুচূৰ্মৈ হৈ পৰে। মিনিবাছখনত ৩৫ জন যাত্ৰী আছিল। এই পৰ্যন্ত এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হয় ২৩জন লোক।

লগতে পঢ়কঃ ইজৰাইলী অভ্যুত্থানৰ সন্মুখত গাজা; ইছলামিক দেশসমূহৰ জৰুৰী বৈঠকৰ আহ্বান

আৰক্ষীৰ জনোৱা অনুসৰি, শনিবাৰে মাজনিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই আৰক্ষী বাহিনীৰ লোকে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ততাতয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক। নিহত ১২ জনৰ ভিতৰত ৬ গৰাকী মহিলা আৰু এগৰাকী নাবালক আছে। মৃতসকলক চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে।

দুৰ্ঘটনাটোৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা মতে তীব্ৰ বেগত গাড়ী চলাই থকাৰ সময়তে মিনিবাছৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে গৈ কন্টেইনাৰত খুন্দা মাৰিছে।

লগতে পঢ়কঃ ঋষভ নাই, কিন্তু কাৰ আকৰ্ষণত ভাৰত-পাক মেচত উপস্থিত উৰ্বশী? চৌদিশে প্ৰশ্নবান!

সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। আহতসকলৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে মহাৰাষ্ট্ৰ চৰকাৰে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতিটো পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰিছে কেন্দ্ৰই।

Recent News

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd