মাজনিশা মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। মিনিবাছ আৰু কণ্টেইনাৰ সংঘৰ্ষত কমেও ১২ জন লোকৰ মৃত্যু। আহত হয় আন কমেও ২৩জন লোক।
মহাৰাষ্ট্ৰৰ ছত্ৰপতি শম্ভাজিনগৰ জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে মাজনিশা ছত্ৰপতি শম্ভাজিনগৰ জিলাৰ সমৃদ্ধি এক্সপ্ৰেছৱে’ত এখন মিনিবাছে থিয় হৈ থকা কণ্টেইনাৰত খুন্দা মাৰে।
দুৰ্ঘটনাত মিনি বাছৰ সন্মুখৰ ফালটো চুচূৰ্মৈ হৈ পৰে। মিনিবাছখনত ৩৫ জন যাত্ৰী আছিল। এই পৰ্যন্ত এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হয় ২৩জন লোক।
লগতে পঢ়কঃ ইজৰাইলী অভ্যুত্থানৰ সন্মুখত গাজা; ইছলামিক দেশসমূহৰ জৰুৰী বৈঠকৰ আহ্বান
আৰক্ষীৰ জনোৱা অনুসৰি, শনিবাৰে মাজনিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই আৰক্ষী বাহিনীৰ লোকে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ততাতয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক। নিহত ১২ জনৰ ভিতৰত ৬ গৰাকী মহিলা আৰু এগৰাকী নাবালক আছে। মৃতসকলক চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে।
দুৰ্ঘটনাটোৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা মতে তীব্ৰ বেগত গাড়ী চলাই থকাৰ সময়তে মিনিবাছৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে গৈ কন্টেইনাৰত খুন্দা মাৰিছে।
লগতে পঢ়কঃ ঋষভ নাই, কিন্তু কাৰ আকৰ্ষণত ভাৰত-পাক মেচত উপস্থিত উৰ্বশী? চৌদিশে প্ৰশ্নবান!
সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। আহতসকলৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে মহাৰাষ্ট্ৰ চৰকাৰে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতিটো পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰিছে কেন্দ্ৰই।