“বচাওক, বচাওক”, দূৰৰ পৰাই ভাহি আহিছিল আৰ্ত চিঞৰ। পথচাৰী, গাড়ীবোৰে সেই চিঞৰটো শুনিছিল যদিও তেওঁলোকৰ মৌন দৰ্শক হোৱাৰ বাহিৰে একো কৰিব পৰা নাছিল। তেওঁলোকৰ চকুৰ সন্মুখতে জুইত জাহ গ’ল গোটেই বাছখন। ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে ১৩ জন যাত্ৰীয়ে। আন বহু লোক গুৰুতৰভাৱে আহত হয়।
বুধবাৰে নিশা এখন যাত্ৰীবাহী বাছে ডাম্পাৰত খুন্দা মাৰে। সংঘৰ্ষৰ পিছতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। দুই এজন যাত্ৰী বাছৰ পৰা নামিবলৈ সক্ষম হয় যদিও ১৩ জন যাত্ৰী বাচিব নোৱাৰিলে। বাছখনৰ ভিতৰতে জীৱন্তে জ্বলি মৃত্যুমুখত পৰে যাত্ৰীকেইজন।
মধ্যপ্ৰদেশৰ গুনা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বুধবাৰে নিশা গুনা-আৰণ পথত এখন ব্যক্তিগত বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ঘটে। সংঘৰ্ষটো ইমানেই জোৰেৰে সংঘ টিত হয় যে বাছখনৰ সন্মুখভাগ বিধ্বস্ত হৈ পৰে।
লগতে পঢ়কঃ ‘MPhil স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী নহয়’, বহু বিশ্ববিদ্যালয়ত কোৰ্চ অফাৰৰ মাজতে স্পষ্ট কৰি দিলে UGCয়ে
দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা আহত যাত্ৰী সকলে নামি থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়। ভিতৰত আবদ্ধ হৈ মৃত্যু হয় কমেও ১৩জন লোকৰ।
আৰক্ষীৰ তথ্য অনুসৰি, বাছখনৰ পৰা ১৭ জন আহত যাত্ৰীক উদ্ধাৰ কৰা হয়। তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ। বাছখনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে ১৩ জন যাত্ৰীৰ জ্বলি যোৱা মৃতদেহ। মৃতদেহবোৰ ইমানেই জ্বলি ছাই হৈ পৰিছে যে চিনাক্তকৰণ সম্ভৱ হোৱা নাই। ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ’ব মৃতদেহকেইটা।
এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে ঘন কুঁৱলীৰ বাবে ডাম্পাৰখনে বিপৰীত দিশৰ পৰা অহা বাছখন দেখা নাপালে। ইয়াৰ বাবেই মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়।
লগতে পঢ়কঃ মুখত বিষ ঢালি দিয়াৰ দৰে যন্ত্ৰণা! এইটো বস্তু কেতিয়াও সহ্য নকৰিব; কৈছে চাণক্যই
ইপিনে, দুৰ্ঘটনাৰ খবৰ পাই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে। লগতে মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহতসকলৰ পৰিয়ালক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে।