অশনি সংকেত! মেঘালয়লৈও বিয়পিছে কুকি-মেইটেই হিংসা, ১৬জনক আটক

মণিপুৰত হিংসা। ফটো: সংগ্ৰহীত।

মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া শ্বিলঙত দুয়োটা গোটৰ মাজত সংঘৰ্ষৰ ফলত কুকিছ আৰু মেইটেইৰ কমেও ১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

পূব খাচী হিলছৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে জনোৱা মতে, মণিপুৰত কুকিছ আৰু মেইটেইছৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত শ্বিলঙৰ লাইটুমখ্ৰা থানাৰ অন্তৰ্গত মিজো মৰ্ডেন স্কুলৰ ওচৰৰ নংৰিম হিলছত দুটা গোটৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে।

লগতে পঢ়ক: অগ্নিগৰ্ভ মণিপুৰ! পৰিস্থিতি নিয়ন্ত্ৰণত জটিলতা; দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ

আৰক্ষীয়ে ততাতৈয়াকৈ অঞ্চলটোলৈ গৈ এটা সম্প্ৰদায়ৰ দুজন ব্যক্তিক আন এটা সম্প্ৰদায়ৰ লোকে মাৰধৰ কৰা অৱস্থাত উদ্ধাৰ কৰে।

নংটংগাৰে কয় যে পৰিস্থিতি অধিক অৱনতি ঘটাৰ পৰা ৰক্ষা কৰিবলৈ পূব খাচী হিলছ আৰক্ষীয়ে চি আৰ পি চিৰ ১০৭ ধাৰাৰ অধীনত দুয়োটা সম্প্ৰদায়ৰ ১৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ৰাখিছে।

মহানগৰীখনৰ শান্তি ক্ষতিগ্ৰস্ত কৰিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।

লগতে পঢ়ক: মণিপুৰৰ হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত সেনা আৰু আছাম ৰাইফলছৰ ফ্লেগমাৰ্চ; নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা

অজনজাতীয় মেইটেইসকলে অনুসূচিত জনজাতি (এছ টি) মৰ্যাদা লাভ কৰাৰ দাবীৰ প্ৰতিবাদত বুধবাৰে সদৌ জনজাতীয় সন্থা মণিপুৰে (ATSUM) চুৰাচান্দপুৰ জিলাৰ তৰবাং অঞ্চলত উলিওৱা সমদলৰ পিছতে মণিপুৰৰ কেইবাখনো জিলাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। .

সহস্ৰাধিক আন্দোলনকাৰীয়ে এই সমাৱেশত অংশ লৈছিল। তাৰপিছতে জনজাতি আৰু অজনজাতিৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল।