পূব ইউক্ৰেইনৰ ডনেটস্কত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত শিশুসহ কমেও ১৭ জন লোক নিহত হয়। আনহাতে, এই ঘটনাত আন কমেও ৩৩জন লোক আহত হয়। অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
পূব ইউক্ৰেইনৰ ডনেটস্ক অঞ্চলৰ কষ্টিয়ান্টিনিভকা চহৰৰ এখন বজাৰত এই আক্ৰমণ আৰু হতাহতৰ ঘটনা সংঘটিত হয়। ইউক্ৰেইনৰ বিষয়াসকলে এই আক্ৰমণক যোৱা কেইবামাহৰ ভিতৰত আটাইতকৈ মাৰাত্মক আক্ৰমণ বুলি অভিহিত কৰিছে।
লগতে পঢ়ক: অভূতপূৰ্ব গৱেষণা! শুক্ৰাণু ,কণী বা গৰ্ভ নোহোৱাকৈ মানৱ ভ্ৰূণৰ সম্পূৰ্ণ আৰ্হি গঢ়ি তুলিলে বিজ্ঞানীয়ে
কোৱা হৈছে যে এই ক্ষেপণাস্ত্ৰ আক্ৰমণত বজাৰ, ফাৰ্মাচী আৰু দোকানকে ধৰি সকলো ক্ষতিগ্ৰস্ত হয়। আক্ৰমণৰ কেইঘণ্টামানৰ পাছত ইউক্ৰেইনৰ গৃহমন্ত্ৰী ইহ’ৰ ক্লাইমেংকোৱে কয় যে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ অন্ত পৰিছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে এই ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে মস্কোক দোষাৰোপ কৰে। তেওঁ এই আক্ৰমণক “সম্পূৰ্ণ অমানৱীয়” বুলি অভিহিত কৰে। ইপিনে, তেওঁৰ পত্নী অ’লেনা জেলেনস্কাই কয় যে এই আক্ৰমণে ৰাছিয়াৰ “ভয়ংকৰ নিষ্ঠুৰতা” উদঙাই দিছে।
লগতে পঢ়ক: আন্তঃগাঁথনি উন্নয়নমূলক কামৰ বাবে কেইখনমান ৰে’লৰ সেৱা বাতিল আৰু পথ পৰিৱৰ্তন কৰা হৈছে
ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডানিছ ছামিহালে ৰাছিয়াৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত কৰিছে। ৰাছিয়াৰ সৈন্য সন্ত্ৰাসবাদী বুলি উল্লেখ কৰি এই আক্ৰমণৰ তীব্ৰ প্ৰতিশোধ লোৱা হ’ব বুলিও তেওঁ কয়। ডানিছে কয় যে তেওঁলোকক কেতিয়াও ক্ষমা কৰা নহ’ব আৰু শান্তিৰে জীয়াই থাকিবলৈও দিয়া নহ’ব।