নামাজ চলি থকাৰ মাজতে কঁপি উঠিল আফগানিস্তানৰ খাইৰ খানা অঞ্চলত থকা এটা মছজিদ৷মছজিদটোত ঘটা ভয়ংকৰ বোমা বিস্ফোৰণত নিমিষৰ ভিতৰতে তেজেৰ নৈ বৈ গ’ল৷
ছিন্ন ভিন্ন হৈ পৰিল নামাজত ব্যস্ত থকা বহু জনৰ দেহ৷ দেবিস্ফোৰণটোত কমেও ২১ জন লোক নিহত হোৱাৰ খবৰ আহিছে৷ নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে৷ জানিব পৰা মতে আফগানিস্তানৰ কাবুলৰ খাইৰ খানা অঞ্চলৰ এটা মছজিদত ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয়৷
তালিবানৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে বিস্ফোৰণটোত প্ৰায় ৩৫ জন লোক আহত বা নিহত হ’ব পাৰে৷ আহত লোকসকলক স্থানীয় চিকিৎসালয়লৈ নিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ কোনো সংগঠনে এতিয়ালৈকে বিস্ফোৰণটোৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এয়া আইছিছৰ কাম হ’ব পাৰে বুলি বহুতে সন্দেহ কৰিছে৷
বিস্ফোৰণত মছজিদৰ ইমামগৰাকীৰো মৃত্যু ঘটিছে৷ আযোৱা বছৰৰ ২১ এপ্ৰিলতো আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত কমেও ১৬ লোক নিহত হৈছিল। আইছিছে উক্ত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল৷
মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে উত্তৰ মাজাৰ-ই-শ্বৰীফৰ চাই ডকেন মছজিদত সমবেত হোৱাৰ সময়তে এই বিস্ফোৰণ ঘটিছিল৷।
উল্লেখ্য যে কুন্দুজ চহৰত ঘটা আন এটা বিস্ফোৰণতো কমেও চাৰিজন লোক নিহত আৰু ১৮ জন আহত হৈছিল।
২০২১ চনৰ আগষ্ট মাহত তালিবান পুনৰ ক্ষমতালৈ উভতি অহাৰ পিছত আফগানিস্তানত বোমা বিস্ফোৰণৰ সংখ্যা হ্ৰাস পাইছে বুলি প্ৰকাশ পাইছিল যদিও সেয়া এতিয়া মিছা প্ৰমাণিত হৈছে।
এতিয়াও জিহাদী আৰু চুন্নী আই এছ গোটৰ কূটাঘাতমূলক কাৰ্যকলাপ সময়ে সময়ে দেশখনত চলি আহিছে।