NORTHEAST NOW (Assamese)

মেক্সিকোত মাটি খান্দোতে ওলাইছে হিম যুগৰ হাতীৰ বংশধৰৰ কংকাল

September 12, 2020 6:24 pm · এন ই নাও নিউজ

মেক্সিকোত এতিয়া চলিছে এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ নিৰ্মাণৰ কাম।

মেক্সিকো চিটিৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত অৱস্থিত জাম্পাংগো নামৰ ঠাইখনত বিমান বন্দৰ নিৰ্মাণৰ বাবে খন্দা হৈছে মাটি।

মাটি খান্দি থাকোতে শ্ৰমিকৰ কোৰৰ চাবত উঠি আহিছে কেৱল কংকাল।

সেয়া অৱশ্যে কোনো নৰ কংকাল নহয়, সেয়া হাতীৰ বংশধৰ বুলি জনাজাত মামথৰ কংকাল।

পৃথিৱাৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বে হেৰাই যোৱা মামথৰ কংকাল উদ্ধাৰৰ ঘটনাকলৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিজ্ঞানী সকল।

পুৰাত্ত্ববিদ ৰুবেন মনজানিল্লাই প্ৰকাশ কৰা মতে উদ্ধাৰ হোৱা মামথৰ কংকাল সমূহৰ বয়স প্ৰায় ২৪ হাজাৰ বছৰ হ’ব।

উক্ত স্থানত একেলগে প্ৰায় ২০০ টা মামথৰ কংকাল উদ্ধাৰ হৈছে।

পুৰাত্ত্ববিদ মনজানিল্লাৰ মতে পৃথিৱীত যেতিয়া হিম যুগ চলি আছিল তেতিয়া হয়তো সেই ঠাইখন ঘাঁহ-বনেৰে সেউজীয়া হৈ আছিল।

সেই স্থানলৈ চৰিবলৈ আহিছিল জাকে জাকে বৃহৎ আকৃতিৰ মামথ।কিন্তু সেই স্থানত থকা বোকাৰ মাজত হয়তো মামথবোৰ আৱদ্ধ হৈ পৰিছিল আৰু তেনেকৈয়ে সিহঁতৰ মৃত্যু ঘটিছিল।

হিম যুগৰ এই প্ৰাণী বিধ পৰৱৰ্তী সময়ত পৃথিৱীৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছিল। মাথো ৰৈ গৈছিল মামথৰ বংশধৰ হাতী।

Related News